গুৱাহাটী,১ ছেপ্তেম্বৰঃ মাদ্ৰাছা উচ্ছেদ কৰাটো চৰকাৰৰ লক্ষ্য নহয়, চৰকাৰে গুৰুত্ব দিছে যাতে কোনো মাদ্ৰাছাক জেহাদীয়ে ব্যৱহাৰ কৰিব নোৱাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৃহস্পতিবাৰে জেহাদীৰ কাৰ্যকলাপ চলা মাদ্ৰাছা ভাঙি দিয়া সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে জেহাদীৰ কাৰ্যকলাপ নথকা তথা জেহাদী ভাৱধাৰাত পৰিচালিত নোহোৱা মাদ্ৰাছা উচ্ছেদ কৰা নহয়। যদি জেহাদীৰ সংস্পৰ্শ থকাৰ নিৰ্দ্দিষ্ট তথ্য পোৱা যায় তেন্তে তেনে মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে ৰাজধানীৰ বৈভৱ সন্দৰ্ভত তেওঁ কয় যে ৰাজধানী থকা ৰাজ্যই বাকী ৰাজ্যৰ লগত তুলনা কৰিব নাপায়। তুলনা কৰিব বিচাৰিলে ৰাজধানীখন অসমত পাতি দিয়ক তেতিয়া আমিও তুলনা কৰিম বুলি তেওঁ কয়।
