গুৱাহাটী,২ ছেপ্তেম্বৰঃ বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্ত আৰু নাই। যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক ড০ প্রফুল্ল মহন্তই। দীৰ্ঘদিন ধৰি অসুস্থ আছিল বিশিষ্ট সাহিত্যিক তথা লেখকগৰাকী। মৰণোত্তৰভাৱে নিজৰ দেহ দান কৰি থৈ যোৱা বিশিষ্ট সমাজ বিজ্ঞানী তথা চিন্তাবিদ গৰাকীৰ জন্ম হৈছিল ১৯৪১ চনত।
বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ পাই তেখেতৰ ভেটাপাৰাৰ বাসগৃহত ভিৰ কৰেহি অজশ্ৰ গুণমুদ্ধই। নগাঁৱৰ জাজৰিত জন্ম গ্ৰহণ কৰা ড০ মহন্তৰ শিক্ষাবিদ হিচাপেও আন এক পৰিচয় আছে। এসময়ত আনন্দৰাম বৰুৱা ভাষা, কলা-সংস্কৃতি সন্থাৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড০ প্ৰফুল্ল মহন্তৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ”অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস”। ইয়াৰোপৰি জনগোষ্ঠীয় চেতনা, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, বড়ো ভূমিৰ উচুপনি আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। অসমৰ জনগোষ্ঠীয় সংঘাত আৰু সমস্যাক লৈ শ্ৰেণীবদ্ধ গৱেষণা কৰাৰ লগতে সমাজ বিজ্ঞানীৰ দৃষ্টিৰে অসমৰ জাতীয়তাবাদক লৈ প্ৰণালীবদ্ধ অধ্যয়ন কৰি গৈছে মহন্তই। লেখকগৰাকীৰ নশ্বৰ দেহ চাংসাৰীৰ এইমছৰ বিজ্ঞানাগাৰালৈ লৈ নিয়া হয়। উল্লেখ যে চাংসাৰীৰ এইমছত প্ৰথমটো প্ৰাণহীন দেহ হ’ব প্ৰফুল্ল মহন্তৰ। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।