বৰডুমচা, ২ছেপ্তেম্বৰৰ ঃ ৰাজ্যত বৰ্তমানো অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । প্ৰতিদিনে আৰক্ষীয়ে আটক কৰিছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে বহু সেৱনকাৰীক। ইয়াৰ পাছতো একাংশ অসাধু ব্যক্তিয়ে গাঁও চহৰ অঞ্চলত অব্যাহত ৰাখিছে ড্ৰাগচৰ ৰমৰমীয়া ব্যৱসায়।নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিয়ে লগতে বৰডুমচাৰ অঞ্চলৰ শতাধিক ৰাইজে পৰা পদযাত্ৰা কৰি বৰডুমচা থানা ঘেৰাও কৰে ৷উল্লেখ্য যে, প্ৰতিবাদকাৰী ৰাইজে মাৰাত্মক নিচাযুক্ত দ্ৰব্য যেনে ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ বাবে পূৰ্বৰে পৰাই আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নহ’ল উক্ত অঞ্চলসমূহত। যাৰ পৰিণতিত কিছুদিনৰ আগতে তিনিচুকীয়া জিলাৰ টেকেৰি গাঁৱৰ এজন ফুলকুমলিয়ি নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃত্যু হয়।পেঙেৰি ,বৰডুমচা আদিৰ দৰে অঞ্চলত দৈনিক অবাধ নিচাজাতীয় দ্ৰব্য প্ৰচলনে ভয়ংকৰ পৰিবেশ সৃষ্টি কৰিছে। নিচাজাতীয় দ্ৰব্য প্ৰচলনে নৱ প্ৰজন্মলৈ নামি আহিছে অশনি সংকেত। শুক্ৰবাৰে সম্পূৰ্ণ নিচাজাতীয় দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত বৰডুমচা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে। অতিশ্ৰিঘে নিচাজাতীয় দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ নোৱাৰিলো ইয়াতকৈও ভয়ানক কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ দিয়ে।
Home অসম আৰু উত্তৰপূব নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি থানা ঘেৰাও কৰি প্ৰতিবাদ