গৌৰিপুৰ, ২ছেপ্তেম্বৰঃ যোৱা ২৭ আগষ্ট তাৰিখে গৌৰীপুৰ আৰক্ষী থানাৰ লালকুৰা গাঁৱত কোচ ৰাজবংশী সম্প্ৰদায়ৰ এগৰাকী মহিলাক স্থানীয় বালাজান গাঁৱৰ নমছেৰ আলী নামৰ ৫৫ বছৰীয়া লম্পটে ধৰ্ষণ কৰিছিল ।লালকুৰা গাঁৱৰ প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা দীপু ৰায় ঘৰত নথকাৰ সুযোগত তেওঁৰ পত্নী মিনতী ৰায়ক ৩৬ নিশা বালাজান দ্বিতীয় খণ্ডৰ বাসিন্দা নমছোৰ আলী নামৰ ৫৫ বছৰীয়া লম্পট জনে ধৰ্ষণ কৰাৰ অভিযোগ উখাপিত হৈছিল ৷এই জঘন্য ধৰ্ষন কাণ্ডৰ বিৰুদ্বে গো মাংস বিক্ৰেতা অভিযুক্ত নমছেৰ আলীক ফাঁচি দিয়া আৰু তেওঁৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰাৰ দাবীত আজি গৌৰীপুৰ আৰক্ষী থানাত আক্ৰাছুৰ নেতৃত্বত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে,যোৱা নিশা গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত নমছেৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।তাৰ পাছতেই আজি পুৱা ১১বজাৰ পৰা ধুবুৰী জিলা আক্ৰাছুৰ লগতে শতাধিক ৰাইজে ধৰ্ষণকাৰী নমছেৰ আলীৰ অবৈধ সম্পত্তি জব্দ কৰা আৰু ফাঁচিৰ দাৱী তুলি থানা চৌহদত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
Home অসম আৰু উত্তৰপূব ধৰ্ষণকাৰীক ফাঁচি দিয়া আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ দাবীত গৌৰীপুৰ আক্ৰাছুৰ উত্তল প্ৰতিবাদ