- জামুগুৰিহাট, ২ছেপ্তেম্বৰঃ জামুগুৰিহাটৰ মনাই চেঙামাৰীৰ এটা ৭০ বছৰীয়া বৃদ্ধ লম্পটে দৰিদ্ৰতাৰ সুযোগ লৈ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰে বহুবাৰ ভয়-ভাবুকিৰে অসৎ কাৰ্যত লিপ্ত হৈ কিশোৰী গৰাকীক চাৰিমহীয়া অন্তঃসত্বা কৰি সম্প্ৰতি পলাতক অৱস্থাত আছে বৃদ্ধ লম্পট দুলাল বেজবৰুৱা ৷ যোৱা সোমবাৰে চাৰিমহীয়া অন্তসত্বা কিশোৰী গৰাকীক গৰ্ভপাত কৰাবলৈ বুলি কৌশলৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিল যদিও তাৰ পৰাই পলায়ন কৰে বৃদ্ধ লম্পট ৷ পলায়ন কৰা অপৰাধী দুলাল বেজবৰুৱাৰ উপযুক্ত শাস্তি বিছাৰি এতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুখীয়া মাতৃয়ে ৷ ইফালে লম্পট দুলালক আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যৰ বাবেই আৰক্ষীকো সন্দেহৰ চকুৰে চাইছে স্থানীয় ৰাইজে ৷