অভয়াপুৰী ,৩ ছেপ্টেম্বৰ: অভয়াপুৰীৰ আৰ. কে.চি. চিনিয়ৰ চিটিজন হোম নামৰ এখন বৃদ্ধাশ্ৰমত শোকাকুল পৰিৱেশ ।কৰ্তৃপক্ষই অভয়াপুৰীৰ আৰ. কে.চি. চিনিয়ৰ চিটিজন হোম নামৰ আশ্ৰমখন অতি শীঘ্ৰেই বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে বুলি অভিযোগ কৰে আশ্ৰমখনত কৰ্মৰত বিভা মনি শইকীয়াই ।আশ্ৰমখনত থকা ককা-আইতা সকলৰ এতিয়া হাহাকাৰ অৱস্থা । আশ্ৰমখনত থকা ককা-আইতা সকলৰ ভৱিষ্যত নিশ্চয়তাক লৈ চিন্তিত আশ্ৰমখনত কৰ্মৰত হৈ থকা কৰ্মচাৰী সকল । আশ্ৰমখনত থকা ককা-আইতা সকলোৰ ভিতৰত বেছিভাগেই অসুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। কি খাব , কি পিন্ধিব, ক’ত থাকিব তাক লৈ এতিয়া চিন্তিত ককা আইতাসকলৰ লগতে আশ্ৰমখনত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলো। আৰ. কে.চি. চিনিয়ৰ চিটিজন হোম বৃদ্ধাশ্ৰম খনৰ কৰ্তৃপক্ষই কোনো কাৰণ অবিহনে আশ্ৰমখনত কৰ্মৰত বিভা মনি শইকীয়াক পদত্যাগ পত্ৰ দাখিল কৰিব দিয়াৰ বাবেও বৃদ্ধাশ্ৰমখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ।আশ্ৰমখনত কৰ্মৰত বিভা মনি শইকীয়াই ককা আইতা সকলৰ ভৱিষ্যত নিশ্চয়তাৰ বাবে জিলা প্ৰশাসনৰ লগতে অভয়াপুৰীৰ ৰাইজক সহায়ৰ বাবে অনুৰোধ কৰে ।