নিউজ ডেক্স,৩ ছেপ্তেম্বৰঃ অশ্ৰুসিক্ত নয়নেৰে ২৭ বছৰীয়া টেনিছ কেৰিয়াৰক বিদায় জনালে ছেৰেনা উইলিয়ামছে। টেনিছ কিংবদন্তী ছেৰেনা উইলিয়ামছে তেওঁৰ ২৭ বছৰীয়া কেৰিয়াৰৰ সমাপ্তি ঘটাইছে। তেওঁ টেনিছৰ এই সোণালী যাত্ৰা ইউএছ অপেনৰ তৃতীয় ৰাউণ্ডত পৰাজয়ৰ সৈতে সমাপ্ত হয়। এইখন তেওঁৰ কেৰিয়াৰৰ অন্তিম খন খেল আছিল। কিছুদিন পূৰ্বে ছেৰেনাই সামাজিক মাধ্যমত এইখনেই তেওঁৰ কেৰিয়াৰৰ শেষৰ খন খেল হ’ব বুলি এটা পোষ্ট দিছিলে। কেৰিয়াৰৰ শেষৰ খন খেলত ছেৰেনাই অষ্ট্ৰেলিয়াৰ আজলা টমলজানোভিকৰ হাতত পৰাস্ত হয়। ৪০ বছৰীয়া ছেৰেনাই ইউ এছ অপেনৰ খেলখন শেষ হোৱাৰ পিছত অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা বিদায় জনায়। তেওঁ সকলোকে ধন্যবাদ জনাই তেওঁ কয় যে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো। মই যদি আৰু ভালকৈ খেলিলো হয়। আমেৰিকান টেনিছ কিংবদন্তী চেৰেনাৰ ২৭ বছৰীয়া কেৰিয়াৰত ২৩ টা গ্ৰেণ্ড শ্লেম একক খিতাপ অৰ্জন কৰিছিল।