লখিমপুৰ, ৩ ছেপ্টেম্বৰ ; অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৰ সমস্যা শান্তিপূৰ্ণ সমাধানাৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ কোনো শান্তিপূৰ্ণ সমাধানৰ আশা নাই ৷ আজি পুনৰ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আগমনতেই ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ কেঁচাই খাটনিত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্ত্তী বাসীন্দাৰ মাজত চলিল প্ৰচণ্ড মল্লযুঁজ ৷ ঘটনাৰ বিৱৰণি মতে আজি পুৱা ১০ বজাত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জয়ৰামপুৰৰ কেঁচাই খাটনিত বিজেপি দলৰ নেতা-পালিনেতা লৈ উপস্থিত হৈ বিবদমান অঞ্চল পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কৰাৰ মাজতে মন্ত্ৰী জয়ন্তমল্লই দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত মত- বিনিময় কৰি অহা বাটে উভতি যায় ৷ মন্ত্ৰী জয়ন্তমল্ল উভতি যোৱাৰ কিছু সময় পিচতে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্ত্তী একাংশ লোকৰ মাজত বাক্-বিতাণ্ডাৰ উদ্ভৱ হৈ আৰু উক্ত বাক্-বিতণ্ডাই হিংসাৰ ৰূপ ধাৰণ কৰে ৷ হাতে হাতে ঢা, যাঠি, জোং লৈ প্ৰথমে একাংশ অৰুণাচলীয়ে অসমৰ বাসীন্দাসকলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৷ অসমৰ বাসীন্দা সকলেও অৰুণাচলীক প্ৰত্যাক্ৰমণ আৰম্ভ কৰাত ঘটনাই জটিল ৰূপ ধাৰণ কৰে ৷ অৱশ্যে অসম আৰক্ষীয়ে দুয়োপক্ষৰ হাতৰ পৰা অস্ত্ৰবোৰ কাঢ়ি নিজৰ জিন্মাত ৰাখিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অস্ত্ৰবোৰ গাড়ীত তুলি থকাৰ সময়তে দুয়োপক্ষৰ মাজত পুনৰ চলে প্ৰচণ্ড ঘুচিয়াঘুচি, লাঠ মৰামৰি, বগৰাবগৰি ৷ পৰিস্থিতি অধিক অৱনতি ঘটাত অসম আৰক্ষীয়ে বল প্ৰয়োগ কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ প্ৰায় দহ মিনিট ধৰি চলা এই হিংসাত্মক কাৰ্যত দুয়োপক্ষৰ কুৰিৰো অধিক লোক গুৰুতৰ বাবে আহত হয় ৷ বহুতৰ বুকু, মুখ, মুৰ, হাত ভৰি বেয়াকৈ জখম হৈছে ৷ আজিৰ হিংসাত্মক ঘটনাই সমগ্ৰ জয়ৰামপুৰ অঞ্চলত তীব্ৰ চেপা-উত্তেজনাৰ সৃষ্টি কৰিছে ৷
Home অসম আৰু উত্তৰপূব ধেমাজিৰ অসম-অৰুণাচল সীমান্তত মন্ত্ৰী জয়ন্ত মল্লৰ উপস্থিতিতে দুয়ো ৰাজ্যৰ বাসীন্দাৰ মল্লযুঁজঃ গুৰুতৰভাৱে...