দৰং, ৪ ছেপ্তেম্বৰঃ দৰং জিলাৰ ছিপাঝাৰৰ দুমুনিচকীত সদৌ অসম দৃষ্টিহীন যুৱ উন্নয়ন পৰিষদৰ ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা শনিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। দৃষ্টিহীনসকলৰ শাৰীৰিক, বৌদ্ধিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাৰ। দৃষ্টিহীন লোকসকলে যাতে নিজকে সমাজৰ একোজন বুলি ভাৱিব পাৰে, সেই উদ্দেশ্যৰে আয়োজন কৰা হয় অনুষ্ঠানটি।পুৱাৰে পৰা অনুষ্ঠিত হয় বিভিন্ন খেলা-ধুলা আৰু সংগীত প্ৰতিযোগিতা। দুমুনিচকীৰ দৰং দুৱাৰ ক্লাবৰ সৌজন্যত আয়োজিত হয় উক্ত অনুষ্ঠানৰ।আবেলি মুকলি সভাত পৌৰহিত্য কৰে প্ৰতিবন্ধী আয়ুক্ত দেৱেশ্বৰ বৰাই। উপস্থিত থাকে অঞ্চলটোৰ দৰং দুৱাৰ ক্লাবৰ সভাপতি মমতাজ আলীৰ লগতে অঞ্চলটোৰ ৰাইজ। অসমৰ কেইবাখনো জিলাৰ তিনি শতাধিক দৃষ্টিহীন লোক উপস্থিত থকা অনুষ্ঠানটোত উপস্থিত নহ’ল আমন্ত্ৰিত অতিথিসকল।