গুৱাহাটী,৩ ছেপ্তেম্বৰঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ কৰিলে ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে নৱনিযুক্ত অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীক কৰ্তব্য আৰু দায়িত্বৰ শপত বাক্য পাঠ কৰায়। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, সাংসদ পৱিত্র মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। মুখ্যমন্ত্রীয়ে ভাৰত ভূষণ দেৱচৌধুৰীৰ সবল নেতৃত্বত অসম লোকসেৱা আয়োগে এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে গুৰুত্বপূৰ্ণ সাংবিধানিক কৰ্তব্য পালনৰ প্ৰাকক্ষণত তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ যে জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। শেহতীয়াকৈ তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত ভূষণ দেৱ চৌধুৰী বিশিষ্ট লেখক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ। পূৰ্বেও তেওঁ এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী।