নিউজ ডেক্সঃ দাসত্বৰ পৰা মুক্তি পালে নৌসেনাই। কিয়নো স্বাধীনতাৰ পিছতো দাসত্বৰ প্ৰতীকৰ তলতেই আছিল ভাৰতীয় নৌসেনা। শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুক্তিৰ ঘোষনা হ’ল।এতিয়াৰে পৰা বৃটিছ শাসনৰ স্মৃতি সৌধ ছেইণ্ট জৰ্জ ক্ৰছৰ সলনি ভাৰতীয় নৌসেনাৰ পতাকাত থাকিব ছত্ৰপতি শিৱাজীৰ ৰাজমুদ্ৰা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কেৰেলাৰ কোচিত ভাৰতীয় নৌসেনাৰ নতুন পতাকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয়, “এইবাৰ নৌসেনাৰ পতাকা দাসত্বৰ চিনটোৰ পৰা মুক্ত কৰা হৈছে।” লগতে মোদীয়ে কয় যে ঔপনিৱেশিক স্মৃতিসৌধ সলনি কৰি মাৰাঠা শাসক ‘ছাত্ৰপতি শিৱাজী মহাৰাজ’ৰ প্ৰতীক থকা পতাকাখন নৌসেনাক অৰ্পণ কৰি তেওঁ গৌৰৱ অনুভৱ কৰিছে। উল্লেখ্য যে, ১৯৫০ চনৰ পৰা ভাৰতীয় নৌসেনাৰ পতাকাৰ চাৰিবাৰকৈ ৰং আৰু আৰ্হি সলনি হৈছে।

জানিব পৰা মতে, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কোনো শাখাতে ‘দাসত্বৰ চিহ্ন’ৰ সন্দৰ্ভত মোদীৰ আগতে কোনো প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰা নাছিল। বিজেপিৰ প্ৰথম প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালতহে এবাৰ ভাৰতীয় নৌসেনাৰ পতাকা সলনি কৰা হৈছিল। মোডীয়ে উদ্বোধন কৰা নতুন পতাকাখনত বগা পতাকাৰ কোণত ৰাষ্ট্ৰীয় পতাকা । ইয়াৰ উপৰিও ভাৰতীয় নৌসেনাৰ প্ৰতীক আৰু শ্লোগান — ‘শ নৌ বৰুণ’ সংযোজন কৰা হৈছে। প্ৰসংগক্ৰমে বাজপেয়ী যুগত ২০০১ চনত নৌসেনাৰ পতাকাৰ পৰা জৰ্জ ক্ৰছ বাদ দিয়া হৈছিল। কিন্তু নৌসেনাৰ এদল বিষয়াৰ পৰামৰ্শ মতে ২০০৪ চনত পুনৰ অনা হৈছিল। শুকুৰবাৰে কেৰেলাৰ কোচিত অনুষ্ঠিত কাৰ্যসূচীৰ পৰা দেশত নিৰ্মিত প্ৰথমখন বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তক ভাৰতীয় নৌসেনাক অৰ্পণ কৰে মোদীয়ে।