গুৱাহাটী,৩ ছেপ্তেম্বৰঃ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষ্যে আজি জনতা ভৱনত চৰকাৰীভাৱে ক্ৰীড়া পেঞ্চন দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত কমনৱেল্থ গেমছত ল’ন বলত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি ৫০ লাখ টকাৰ চেক আৰু অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্র প্ৰদান কৰা হয়। খেলুৱৈ গৰাকীক এই সন্মান প্ৰদান কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত নয়নমণি শইকীয়াক বন বিভাগৰ হৈ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ১৫ লাখ টকাৰ চেক প্ৰদান কৰে। আনহাতে অনুষ্ঠানত চাৰিগৰাকী বিশিষ্ট খেলুৱৈ ক্ৰমে ৱাই অমৃত সিংহ, নতুম সিনহা, ৰঞ্জিত ৰাজকুমাৰ আৰু মৌচুমী ভূঞাক মাহে দহ হাজাৰ টকাকৈ ২০২২-২৩ বৰ্ষৰ ক্ৰীড়া পেঞ্চন আগবঢ়োৱা হয়। সেইদৰে আন চাৰিগৰাকী বিশিষ্ট খেলুৱৈ ক্ৰমে টি শ্যামলিনী দেৱী, ৰজনী দেউৰী, মণিকংকণা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সন্মান আগবঢ়োৱা হয়। অনুষ্ঠানত চাৰিগৰাকী সৰ্বশ্ৰেষ্ঠ এন চি চি কেডেট ক্ৰমে কৰ্প’ৰেল চিন্ময় বিশ্বাস, চাৰ্জেণ্ট সুকন্যা কাশ্যপ মহন্ত, কেডেট বিজু নমঃশূদ্ৰ আৰু কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈক বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে খেলুৱৈ সকলক সন্মান প্ৰদান কৰে। ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অৰ্জুন ভোগেশ্বৰ বৰুৱাক তেওঁৰ ৮২ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি অসমৰ বৰ্ণিল তথা গৌৰৱোজ্বল ক্ৰীড়া ইতিহাসৰ চমু আভাষ দাঙি ধৰে। তেওঁ লগতে কয় যে এগৰাকী খেলুৱৈয়ে নিজৰ শ্ৰেষ্ঠতা প্ৰতিবাৰে প্ৰতিপন্ন নকৰিবও পাৰে। তাকলৈ আক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই। কষ্টৰ ফল এবাৰ পালে দ্বিতীয়বাৰ নাপাবও পাৰে। তাক লৈ সমালোচনা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ কয় যে খেলুৱৈৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক সদায় স্মৰণ কৰিব লাগে। ইয়াৰ দ্বাৰা আন উদিয়মান খেলুৱৈসকল অনুপ্ৰাণিত হয়। প্ৰসংগ ক্ৰমে তেওঁ কয় যে জালুকবাৰী সমষ্টিত তেওঁ এক লাখ ভোটত জয়ী হ’ল বুলিয়েই পুনৰ বাৰ একেই ব্যৱধানত জয়ী হ’ব বুলি ধাৰণা কৰাটো সঠিক নহয়। তেওঁ কয় যে আমাক এজনৰ পৰা বাৰে বাৰে নালাগে যদিও নতুনৰ পৰা আশা কৰো। আমাক আৰু হিমা দাস, লাভলীনা বৰগোহাঁই আৰু নয়নমণি শইকীয়া লাগে বুলি তেওঁ সদৰি কৰে। নতুন খেলুৱৈ সৃষ্টি আমাৰ কাম্য হ’ব লাগে। অনুষ্ঠানত নয়নমণি শইকীয়াই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে দেশৰ নাম বিশ্বৰ বুকুত উজ্বলাই তোলাৰ বাবে তেওঁ সদায় চেষ্টা কৰি যাব। অসমৰ ক্ৰীড়া ক্ষেত্রখনক আগুৱাই লৈ যোৱাৰ বাবে সদায়ে কাম কৰি যাব বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে অসমৰ ক্ৰীড়া ক্ষেত্রখন তথা নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্রী পীযুষ হাজৰিকা, মুখ্য সচিব পৱন বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
