জামুগুৰিহাট, ৩ ছেপ্তেম্বৰ অসম চৰকাৰৰ কৃষি বিভাগে ধানৰ উৎপাদন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলক উন্নত মানৰ বীজ প্ৰদান কৰিছে যদিও এইসমুহ উন্নত মানৰ বীজে কৃষক সকলক বাস্তৱ ক্ষেত্ৰত কিমান উপকাৰ সাধিছে সেইয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে । কিয়নো শোনিতপুৰ জিলাৰ জামুগুৰিহাটত কৃষি বিভাগৰ ফালৰ পৰা লাভ কৰা উন্নত মানৰ ধানৰ বীজ ব্যৱহাৰ কৰি খেতি কৰা কৃষক সকল এতিয়া হতভম্ব আৰু আচৰিত হৈ পৰিছে। অঞ্চলটোৰ পানপুৰৰ পুৰণি ভেঁটিত কেইবাগৰাকীও কৃষকে কৃষি বিভাগে প্ৰদান কৰা বীজৰ পৰা ধানৰ খেতি কৰি এতিয়া মূৰে কঁপালে হাত দিছে। কৃষি বিভাগে প্ৰদান কৰা ধানৰ বীজৰ পৰা কৰা ৰোৱা ধানগছত এতিয়া ধানৰ সলনি ওলাইছে পতান।কোনো ডৰা মাটিত আকৌ ধানেই ওলোৱা নাই।বহু আশা বুকুত বান্ধি কৃষি বিভাগৰ পৰা লাভ কৰা ধানৰ বীজ ব্যৱহাৰ কৰি খেতি কৰা এইসকল কৃষকে এতিয়া নিজৰ ৰোৱা মাটিত পতান দেখি কিংকৰ্তব্যবিমোৰ হৈ পৰিছে। এইসকল অসহায় কৃষকে এতিয়া চৰকাৰৰ ওচৰত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে।