লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ বাণমুখ গাওঁখন সম্পূৰ্ণভাৱে বিলিন হ’ল ব্ৰহ্মপুত্ৰৰ বুকুত ৷ এসময়ত নৈক কেন্দ্ৰ কৰি স্বাচ্ছন্দ্য জীৱন নিৰ্বাহ কৰা শতাধিক পৰিয়ালে কল্পনাও কৰা নাছিল এদিন নিজৰ গাওঁখন নিষেশ হৈ যাব ৷৮০ দশকৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হোৱাৰ প্ৰতক্ষ্যদৰ্শী গাওঁবাসিয়ে ঘৰ-ভেটি , কৃষি- পথাৰ, আৰু পশু ধনৰ সুৰক্ষাৰ বাৱে চিন্তিত হৈ চৰকাৰ আৰু বিভাগীয় কতৃপক্ষক অৱগত কৰিছিল ৷পৰবৰ্তী সময়ত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰন কৰি এফালৰ পৰা গাওঁখন খহাই নদীৰ বুকুত বিলিন কৰি দিয়ে ৷নদীৰ খহনীয়াত ইঘৰৰ পিছত সিঘৰ খহনীয়াত যাহ গৈ ঘৰ-ভেটি হেৰুৱাই সমীপৰ গাৱৰ ৰাইজৰ পৰা এটুকুৰা ভূমি বসবাস কৰিবৰ বাৱে দানসুএে লাভ কৰি বসবাস কৰে যদিও জীবিকাৰ বাৱে হাহাঁকাৰ কৰি আহিছে ৷বিগত বছৰত খহনীয়াৰ প্ৰকোপ বৃদ্ধি পায় অহাত প্ৰায় ৮০ টা পৰিয়ালে সমীপৰ গাৱঁত ঘৰ সাজি বসবাস কৰিবলৈ বাধ্য হয় ৷চলিত বছৰতো নদীৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰন কৰি পঞ্চায়তৰ মানচিত্ৰৰ পৰাই গাওঁখন নোহোৱা কৰি পেলালে ৷খহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়াল সমুহে সম্প্ৰতি জীৱন-জীৱিকাৰ বাৱে হাহাঁকাৰ কৰাৰ উপৰি সন্তানৰ ভৱিষ্যতৰ দিশতো চিন্তিত হৈ পৰিছে ৷গাওঁখনৰ পৰিয়াল সমুহ খহনীয়াত পৰি ছেদেলি- ভেদেলি হৈ পৰাত একমাএ প্ৰাথমিক বিদ্যালয় বাণৰ মুখ প্ৰাথমিক বিদ্যালয়খনো বৰ্তমান দুভাগত বিভক্ত কৰি পাঠদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ যদিও পৰিয়াল সমুহে অন্যলোকৰ ভুমিত বসবাস কৰিবলৈ সুবিধা লাভ কৰিছে জীৱন-জীৱিকাৰ কথা ভাবি চিন্তিত হৈও পৰিছে ৷ খহনীয়াত দুৰ্বিষহ জীৱন কটোৱা পৰিয়াল সমুহে পুনৰ সংস্হাপনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তি পক্ষক অনুৰোধ জনাইছে ৷