মাৰ্ঘেৰিটা, ০৪ চেপ্তেম্বৰঃ প্ৰাকৃতিক বনজ সম্পদৰে চহকী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৬ খন গাঁও অৰুণাচলৰ বুলি দাবী চুবুৰীয়া অৰুণাচল প্ৰদেশৰ।শনিবাৰে অসম অৰুণাচল সীমা সমস্যাৰ চৰজমিন বুজ ল’বলৈ সীমান্তৰ ৰাংৰিংকানত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাৰ ওচৰত এই দাবী উপস্থাপন কৰে অৰুণাচলৰ কেইবাখনো গাঁৱৰ গাঁওবুঢ়া তথা প্ৰতিনিধিসকলে।অসম – অৰুণাচল চৰকাৰৰ মাজত সম্পন্ন নামচাই চুক্তিত অন্তৰ্ভুক্ত নোহোৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৬ খন গাঁও অৰুণাচলৰ দাবী। মাৰ্ঘেৰিটা হৈ চাংলাং জিলাৰ ৰাংৰিকানত অসম অৰুণাচল সীমা নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ হিচাপে উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই অৰুণাচলৰ মন্ত্ৰী বিধায়কৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া, গাঁওবুঢ়া সকলৰ লগত এখন বৈঠকত অংশগ্ৰহণ কৰে। সীমা কমিটিৰ চেয়াৰমেন কামলুং মচাং উক্ত সভাত উপস্থিত থাকে । সাংবাদিকক মন্ত্রী গৰাকীয়ে কয় যে –আলোচনাৰ পাছত হে অৰুণাচলক মাটি দিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব বৰাই লগতে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান ক্ষেত্ৰত স্থানীয় ৰাইজৰ মতামত লোৱা হ’ব বুলি জানিবলৈ দিয়ে৷