গুৱাহাটী,৪ ছেপ্তেম্বৰঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি থকা সকলো কাম-কাজৰ বুজ লয় । দুদিনীয়া কৰ্মশালাখনৰ প্ৰথম দিনাৰ আৰম্ভণি অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ তথা মাগদৰ্শনত জলসম্পদ বিভাগৰ সকলো কাৰীকৰি বিষয়াৰ সৈতে দুদিনীয়াকৈ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাতে ৰাজ্যখনৰ বান আৰু খহনীয়া ৰোধৰ বাবে চলাই থকা কাৰীকৰি কৌশলসমূহৰ ওপৰত আলোচনা কৰি এনে কৌশলসমূহ নতুন উদ্ভাৱনী প্ৰযুক্তিৰ সহায়ত নতুন ৰূপ দিব পৰা যায় নেকি সেয়া বিচাৰ কৰি চোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। জলসম্পদ বিভাগৰ অভিজ্ঞতা সম্পন্ন অভিযন্তাৰ অভিজ্ঞতা আৰু নতুন অভিযন্তাসকলৰ নতুন কৌশলৰ জ্ঞান দুইটাকে একেলগ কৰি বিভাগীয় কৌশলসমূহ উন্নত কৰাৰ বিষয়ে দুদিনীয়া কৰ্মশালাত আলোচনা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। আনহাতে জলসম্পদ মন্ত্ৰী হিচাপে বিগত দুই বছৰ ধৰি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে লাভ কৰা অভিজ্ঞতাৰ ব্যক্ত কৰিবলৈ গৈ তেঁও কয় যে বিভাগৰ হাতত ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য মজুত থকাটো হৈছে প্ৰাথমিক প্ৰয়োজন। ১৯৬০ৰ দশকত নিৰ্মাণ কৰা এটা মথাউৰি ২০২২ চনত সমানে সক্ৰিয় হৈ থাকিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ হাতত ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন। আনহাতে প্ৰত্যেক বছৰ ৰাজ্যখনৰ বানপানীৰ প্ৰকৃতি সলনি হৈ থাকে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই বিভাগৰ এটা সক্ৰিয় গৱেষণা দলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। বিভাগীয় কামৰ ক্ষেত্ৰত সদায়ে নতুনত্বক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত বাৰিষাত মৰিগাঁও আৰু ধেমাজি জিলাত বান নিয়ন্ত্ৰণ হোৱাৰ কথা প্ৰকাশ কৰে। আনহাতে জিঅ’ বেগৰ লগতে পৰ্কুপাইন ব্যৱহাৰ কৰি যোৰহাটৰ নিমাটি ঘাটত বহুপৰিমাণে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মথাউৰিসমূহৰ নিৰ্দিষ্ট দূৰত্বত শ্লুইছ গেট নিৰ্মাণৰ বিষয়ে চিন্তা কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে। নতুন কৌশল ব্যৱহাৰেৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে অভিযন্তাসকলক চিন্তা কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে ভাল কাম কৰিবলৈ আমাৰ কোনোধৰণৰ সমস্যা নাই। কিন্তু পুঁজিৰ যাতে সদব্যৱহাৰ হয় তাৰ প্ৰতি সকলো সজাগ থাকিব লাগিব। বিয়লি কৰ্মশালাখনৰ কাৰীকৰি সত্ৰত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জলসম্পদ বিভাগৰ সকলো মণ্ডলৰ অভিযন্তাৰ পৰা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ নতুন ধাৰণা সমূহৰ বিষয়ে বুজ লয়। কেইবাগৰাকীও নতুন অভিযন্তাই তেঁওলোকৰ নতুন কৌশলৰ ধাৰণাসমূহ উপস্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে পৰীক্ষামূলকভাৱে এই ধাৰণাসমূহ ব্যৱহাৰৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। এগৰাকী যুৱ অভিযন্তাই মথাউৰিৰ বাবে ব্যৱহৃত মাটিৰ গুণাগুণ বৃদ্ধিৰ বাবে এবিধ জৈৱিক দ্ৰব্য ব্যৱহাৰৰ ধাৰণা দিয়াত মন্ত্ৰীগৰাকীয়ে এই ধাৰণাকো পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিবলৈ মুখ্য অভিযন্তাক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে এনেদৰে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভাগৰ ন-পূৰণি অভিযন্তাসকলৰ বৈঠক অনুষ্ঠিত কৰিলে বিভাগীয় কামসমূহে পৰিৱৰ্তিত সময়ৰ দাবীত নতুন ৰূপ পাবলৈ সক্ষম হ’ব। আনহাতে এইবাৰ মধ্য আৰু নামনি অসমৰ যিসমূহ অঞ্চলত বানপানীৰ প্ৰকোপ বেছি আছিল সেই অঞ্চলসমূহত বান নিয়ন্ত্ৰণৰ পদক্ষেপৰ ওপৰতো আজিৰ কৰ্মশালাত আলোচনা কৰা হয়। দুদিনীয়াকৈ আয়োজিত কৰ্মশালাখনৰ আজিৰ আৰম্ভণি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় জলসম্পদ ব্যৱস্থাপনা আৰু নদীৰ বিশেষজ্ঞ অভিযন্তা নাট অ’বাৰহাজেম আৰু আই আই টি গুৱাহাটীৰ বান আৰু গৰাখহনীয়া বিষয়ৰ অধ্যাপক ড° ৰাজীৱ ভট্টাচাৰ্য্যয়ো অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বছি, “বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ”ৰ মুখ্য কাৰ্য্যবাহী বিষয়া ডা: জীৱন বি আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা সকলো অভিযন্তা উপস্থিত আছিল।
Home অসম আৰু উত্তৰপূব জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ দুদিনীয়া কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা