বৰপেটা,৩ চেপ্টেম্বৰঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰমাৰা বজাৰ প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ উপদেষ্টা আব্দুছ ছামাদ আহমেদৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ সম্পাদক মনিৰ আলীয়ে । উক্ত সাধাৰণ সভাত উপস্থিত থাকি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মনিৰুজ জামানে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ নীতি আদৰ্শ কাৰ্যক্ৰম আদি ৰাইজক অৱগত কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ চৰম সাম্প্ৰদায়িকতাৰ আশ্ৰয় লৈ জেহাদীৰ ঘাটিৰ নামত আক্ৰোশমূলক ভাবে মাদ্ৰাছাত বুল ডোজাৰ লগাই ভাঙি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । মুখ্যমন্ত্ৰীক তেওঁৰ মূৰৰ বিষ হ’লে ঔষধ নাখাই মূৰটোকে কাটি পেলাই দিব নেকি বুলি পোনপটীয়াকৈ প্ৰশ্ন কৰে । ইপিনে জিএছটি জাপি দি দেশৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই দেশৰ পুজিপতিক হাজাৰ হাজাৰ কৌটি টকাৰ ঋণ ৰেহাই দি এতিয়া শ্ৰীলংকা সদৃশ অৰ্থনৈতিক অৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভগবানৰ ওপৰত দোষ জাপি দিয়া কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিয়ে । আনকি বিজেপি চৰকাৰে জনবিৰোধী নীতি বন্ধ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক ৰাইজে ক্ষমতাচ্যুত কৰিব বুলিও মনিৰুজ জামানে উল্লেখ কৰে । সভাত পৰীক্ষিত নাথক সভাপতি আৰু নছিমুদ্দিন আলী আৰু জিন্নত আলীক সম্পাদক হিচাপে লৈ ৫১জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হয় ।