নলবাৰী,৬ ছেপ্তেম্বৰঃ নলবাৰী জিলা আবকাৰী বিভাগৰ অধিক্ষক ডাঃ মুচাৰফ হুছেইন আৰু নলবাৰী সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক মিণ্টু কুমাৰ বৰাৰ নেতৃত্বত নলবাৰী আৰু টিহু আবকাৰি বিভাগ আৰু নলবাৰী সদৰ আৰক্ষীৰ এটা সজাতি দলে সোমবাৰে জিলাখনৰ লাওদল চকত অবৈধ্য চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই। আবকাৰী বিভাগৰ উক্ত সজাতি দলটোৱে অভিযান চলাই প্ৰায় ১২০০ কিলোগ্ৰাম মদ বনোৱা পাচ,১০ টা মদ বনোৱা সজুঁলি আৰু প্ৰায় ১০০/১৫০ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়।লগতে অবৈধ চুলাই বিক্ৰি কৰা চাৰিজন আচামিক আটক কৰে। অবৈধ্য চুলাই মদ,ভাং আদিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জিলা সদৰ আবকাৰি বিভাগৰ পৰিদৰ্শক মিণ্টু কুমাৰ বৰাই প্ৰকাশ কৰে।