নিউজ ডেক্স,৬ ছেপ্তেম্বৰঃ বিগত সাত দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মহানগৰীখনৰ জনসাধাৰণৰ অৱস্থা বেয়া হৈ পৰিছে। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত পুনৰ প্লাৱিত হৈছে বানপানী। চহৰৰ ভিতৰত প্ৰায় বানসদৃশ পৰিস্থিতি। যাৰ বাবে সপ্তাহৰ প্ৰথম দিনটোত কাৰ্যালয়ৰ যাতায়ত কৰা লোকসকলে ক্ষতিগ্ৰস্ত হৈছে। মন কৰিবলগীয়া যে যোৱা সোমবাৰৰ পৰা বেংগালুৰুত নিৰন্তৰ বৰষুণ দি আছে। ধাৰাষাৰ বৰষুণৰ বাবে ইতিমধ্যে মহানগৰীৰ বৃহৎ অঞ্চল পানীৰ তলত আছে। ঠায়ে ঠায়ে গছবোৰ উভালি পৰিছে। ঘাইপথটোও পানীৰ তলত। ফলত ঘণ্টাৰ পিছত ঘণ্টা লোকসকল অধিক যান-জঁটত আবদ্ধ হৈ থাকিব লগা হৈছে। এনে অৱস্থাত মঙলবাৰে কৰ্ণাটক প্ৰশাসনে মহানগৰীৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ মাজতে বৰষুণৰ পৰিমাণ অলপ কমিছে যদিও দেওবাৰৰ পৰা তাত বতৰটো আকৌ এক দুৰ্যোগ। কেইবা ঘণ্টা ধৰি একেৰাহে ধাৰাসাৰ বৰষুণৰ পিছতে পথবোৰত জমা হৈছে পানী। ছ’চিয়েল মিডিয়াতো কিছুমান ছবি প্ৰচাৰ হৈছে, য’ত পানীৰ তলত স্কুটাৰ আৰু কিছুমান গাড়ীও দেখা গৈছে। আনহাতে, বেংগালুৰুত ৫ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। এনে অৱস্থাত ইয়েলো এলাৰ্টো জাৰি কৰা হৈছে।