নিউজ ডেক্সঃ৭ ছেপ্টেম্বৰ: অলপতে অন্ধ্ৰপ্ৰদেশত এটি যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হয়।সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱা খবৰটো হল, নাবালিকাগৰাকীৰ বয়স ১৪ বছৰ। তেওঁ নৱম শ্ৰেণীৰ ছাত্ৰী। সোমবাৰে নিশা তেওঁ ঘৰত অকলশৰে থকাৰ সুযোগ লৈ।অভিযুক্ত পাষণ্ডই ঘৰত প্ৰৱেশ কৰাত । তাক দেখি ভয় খাই ছোৱালীজনী ঘৰৰ বথৰুমত সোমোৱাত । নৰাধমটোৱে দুৱাৰ ভাঙি বাথৰুমটোত প্ৰবেশ কৰে।সি প্ৰৱেশ কৰিয়েই নাবালিকাক যৌন নিৰ্যাতন চলাই ধৰ্ষণৰ চেষ্টা কৰে ।অভিযোগ অনুসৰি, যুৱকজনক নাবালিকাগৰাকীয়ে বাধা প্ৰদান কৰা কাৰণে সি টয়লেটত বটলত ৰখা এচিড ছোৱালীজনীৰ মুখত ঢালি দিয়ে।লগে লগে নাবালিকাগৰাকীয়ে জোৰেৰে চিঞৰিবলৈ আৰম্ভ কৰে।তেতিয়াই যুৱকজনে চিঞৰ-বাখৰ বন্ধ কৰিবলৈ নাবালিকাৰ ডিঙিত ছুৰী ৰাখে যদিও পিছ মুহূৰ্ততে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।নাবানিকাগৰাকীৰ চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়াই ততাতৈয়াকৈ সিহঁতৰ ঘৰলৈ গৈ ৰক্তাক্ত অৱস্থাত বাথৰুমত পৰি থকা ছোৱালীজনীক উদ্ধাৰ কৰে।লগে লগে তেওঁৰ পিতৃ-মাতৃকো খবৰ দিয়া হয়। এই নিৰ্মম ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত ।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছোৱালীজনীক।ইতিমধ্যে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।পাষণ্ড যুৱকজনৰ নাম নাগাৰাজু। সি ছোৱালীজনীৰ আত্মীয় বুলি জানিব দিছে আৰক্ষীক।এই ঘটনা চৰ্চালৈ অহাৰ লগে লগে ৰাইজে অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাযইছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।