জামুগুৰিহাট, ৬ছেপ্তেম্বৰঃ জামুগুৰিহাটৰ ইটাখোলাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ পিছতেই কালি নিশাই বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হয় ঘটনাস্থলীত ৷ আনহাতে ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত পূৰ্ণিমা হাজৰিকা নামৰ এগৰাকী মহিলাক নিশাই আটক কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে ৷ ইতিমধ্যে মহিলা গৰাকীয়ে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি থানাত মহিলা গৰাকীক সোধা পোছা অব্যাহত ৰাখিছে। আজি পুনৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰে ৷ ইফালে জানমনি বৰাৰ বৃদ্ধ মাতৃৃয়ে অপৰাধীক ফাঁচি দিয়াৰ দাবী তোলে ৷