গুৱাহাটী,৭ ছেপ্তেম্বৰঃ গ্ৰাহকৰ ধন আত্মসাৎ কৰা সুন্দৰী বেংক বিষয়াক জেৰা অব্যাহত আৰক্ষীৰ। সুন্দৰী বেংক বিষয়াৰ লগত জড়িত আছিল নেকি আন কোনো ব্যক্তি, সেই সন্দৰ্ভত আৰক্ষীয়ে কৰি আছে তদন্ত। উল্লেখ যে গ্ৰাহকৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এক্সিছ বেংকৰ শাখা উপ-প্ৰৱন্ধক ইফটিছুন হক চৌধুৰীক তিনিদিনৰ আৰক্ষীৰ জিম্মাত ৰাখি জোৰদাৰ জেৰা চলাই থকা হৈছে। গ্ৰাহকৰ ধন হৰলুকী কৰিছিল উপ-প্ৰৱন্ধক ইফটিছুন হক চৌধুৰীয়ে। এ টি এম কাৰ্ড জালিয়াতি কৰি নিজেই ধন উলিয়াইছিল বেংকটোৰ শাখা উপ প্ৰৱন্ধকগৰাকীয়ে। আৰক্ষীয়ে এই ঘটনাত আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি অব্যাহত ৰাখিছে জেৰা। আনহাতে তেওঁৰ পৰা উদ্ধাৰ হোৱা আন এ টি এম কাৰ্ড সন্দৰ্ভতো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আন গ্ৰাহকৰ ধনো আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ যে গুৱাহাটীৰ হাতীগাঁৱৰ ভেটাপাৰাস্থিত এক্সিছ বেংকৰ শাখা উপ-প্ৰবন্ধক ২৭ বছৰ বয়সীয়া ইফটিছুন হক চৌধুৰীয়ে অতি কৌশলেৰে গ্ৰাহকৰ ধন আত্মসাৎ কৰিছিল। গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বেংক বিষয়া ইফটিছুন হক চৌধুৰীক। ধৃত বেংক বিষয়াগৰাকীৰ গণেশগুৰিৰ নয়নপুৰস্থিত ঘৰৰ পৰা আৰক্ষীয়ে দহখন এ টি এম কার্ড, ডেলিভাৰী নিদিয়া সাতখন নতুন এ টি এম কার্ড, এইচ ডি এফ চি বেংকৰ ছখন চেক বুক, এক্সিছ বেংকৰ সাতখন নতুন এ টি এম কার্ড, দুটা মোবাইল ফোন, এ টি এম বুথৰ পৰা ধন লুট কৰা সময়ত ব্যৱহাৰ কৰা বগা টুপী আৰু নীলা স্প’টিঙৰ উপৰি বহু আপত্তিজনক
সামগ্রী জব্দ কৰিছিল। গুৱাহাটীৰ জু-ৰোড তিনিআলিৰ এটা এপার্টমেণ্টৰ বাসিন্দা জ্যোতি কৃষ্ণা দাসে ২৭ জুনত তেওঁৰ এটিএম কার্ড ব্যৱহাৰ কৰি দুষ্কৃতিকাৰীয়ে ১.৭৫ লাখ টকা লুট কৰি নিয়া বুলি গীতানগৰ থানাত এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৯ নং ধাৰাৰ অধীনত ১৮৯/২২ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এ টি এম কার্ড ব্যৱহাৰ কৰি ধন লুট কৰা এ টি এম বুথ আৰু সামগ্ৰী
ক্ৰয় কৰা দোকান, শ্বপিংমল আৰু সুৰাৰ দোকানৰ পৰা চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰে আৰক্ষীয়ে। সেই ফুটেজৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে জু-ৰোড তিনিআলিৰ এইচ ডি এফ চি বেংকত বিষয়া হিচাপে পূৰ্বতে কৰ্মৰত ইফটিছুন হক চৌধুৰীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য প্রায় চাৰি মাহ পূৰ্বে এইচ ডি এফ চি বেংকৰ চাকৰি এৰি এক্সিছ বেংকত যোগ দিছিল ইফটিছুন হক চৌধুৰীয়ে। বিভিন্ন গ্ৰাহকৰ এ টি এম কার্ড, পাছ বুক আৰু চেক বুক ব্যৱহাৰ কৰি বিষয়াগৰাকীয়ে বহুজনৰ ধন লুট কৰা বুলি ধাৰণা কৰা হৈছে। সম্প্রতি গীতানগৰ থানাত ধৃত বিষয়াগৰাকীক আৰক্ষীয়ে জেৰা কৰি আছে।