গুৱাহাটী,৭ ছেপ্তেম্বৰঃ গুৱাহাটীত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত নিহত হ’ল দুৰ্ধৰ্ষ ডকাইত। ঘটনাৰ স্থান যোৰাবাট। আন এটা ডকাইতৰ সন্ধানত যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাব লওতেই আৰক্ষীয়ে গুলী চালনা কৰে। এই ঘটনাত নিহত হয় বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ ডকাইত গোবিন্দ ৰয়। ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে গুৱাহাটী মহানগৰীত পুনৰ এক দিন ডকাইতিৰ ঘটনা ঘটনা সংঘটিত হৈছিল। বহি:ৰাজ্যৰ পৰা ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছিল এজন ডকাইত। আৰক্ষীৰ সূত্ৰই জনোৱা মতে অ’ জে এৰ জে চি বি ক্ৰয় কৰিবলৈ টি এন হীৰা নামৰ এজন গ্ৰাহকে মঙলবাৰে বশিষ্ঠৰ এখন প্ৰতিষ্ঠানলৈ আহে। ঠিক সেই সময়তে কলকাতাৰ পৰা অহা গোবিন্দ ৰয় আৰু ৰাজু নামৰ দুই ডকাইতে বাইকেৰে আহি গ্ৰাহক জনৰ পৰা তিনিলাখ টকা কাঢ়ি নিয়াৰ চেষ্টা কৰে। ঘটনাটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি এজন ডকাইতক কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। অৱশ্যে ঘটনা স্থলীৰ পৰা ৰাজু নামৰ আন এটা ডকাইত পলাই যাবলৈ সক্ষম হয়। জানিব পৰা মতে কিছুদিন পূৰ্বেই কলকাতাৰ পৰা আহি মহানগৰীত বাহৰ পাতিছিল দুই ডকাইত ক্ৰমে ৰাজু আৰু গোবিন্দই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক ৰাজুৰ সন্ধানত নিশা গোবিন্দ ৰয়ৰ সন্ধানত ওলাই গৈছিল। যোৰাবাট অঞ্চলত ৰাজুৰ সন্ধানৰ বাবে যোৱাৰ সময়ত গোবিন্দ ৰয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে। পলাব লওতেই আৰক্ষীয়ে গুলী চালনা কৰে আৰু আৰক্ষীৰ গোবিন্দ ৰয় নিহত হয়।
