অসমীয়া প্ৰতিদিন, কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক যোৱা নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে একাংশ দূবৃত্তই আক্ৰমন কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে জাফা, কামৰূপ মহানগৰ জিলা সমিতিয়ে।এক বিবৃতিত জাফা কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি অৱনী বৰুৱা আৰু সাধাৰণ সম্পাদক মিন্টু হাজৰিকাই সা্ংবাদিকক কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দি ঘটনাত জড়িত সকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে উচিত তদন্তৰ দাবী জনায়।উল্লেখ্য যে,,গুৱাহাটীৰ চান্দমাৰী থানাৰ অন্তৰ্গত কমাৰ্চ পইন্টত নিশা সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক এদল দুৰ্বৃত্তই নিশা আক্ৰমন কৰে। দুৰ্বৃত্তৰ দলৰ আক্ৰমণত তেওঁ মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাত পাইছে। আৰক্ষীয়ে খেদি গৈ দুৰ্বৃত্তৰ দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰে। ঘটনাটো বুধবাৰৰ মাজনিশা প্ৰায় ১ বজাৰ। নিশা আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল যদিও আজি পুৱাৰ পৰা অ’ চি য়ে সাংবাদিক নিৰ্যাতনকাৰীৰ পক্ষ লোৱাৰ অভিযোগ উঠিছে।