মাৰ্ঘেৰিটা, ৮ছেপ্তেম্বৰ ঃ জনজাতিকৰণ , অত্যাৱশ্যকীয় সা- সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিৰোধ তথা আহোম জাতি মূৰ্দাবাদ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সদৌ টাই আহোম যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী । ৪০ লাখ টাই আহোমকলৈ আহোমলেণ্ড দাবীৰ হুংকাৰ কেন্দ্ৰীয় সভাপতি বিজয়ৰাজকোঁৱৰৰ । গৃহমন্ত্ৰীৰ দ্বায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ দাবী জনালে সদৌ তাই আহোম জাতীয় যুৱ পৰিষদে । আহোম মুৰ্দাবাদ ধ্বনি দিয়া বিষয়টো ৩৭ দিন অতিক্ৰমৰ পাছতো বিষয়টো গৃহ বিভাগে নিস্পতি কৰিব নোৱাৰাৰবাবেই সংগঠনটোৱে জনালে এই দাবী । নিজকে ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্বৰ গৃহবিভাগে তথা নিবনুৱাৰ পিঠি ফালিম বুলি কোৱা আৰক্ষী সঞ্চালকপ্ৰধানে কিয় ৩৭ দিনে একো কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ হিলভিউস্থিত চুকাফা প্ৰতিমূৰ্তিৰ সন্মুখত জনজাতিকৰণ , অত্যাৱশ্যকীয় সা- সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিৰোধ তথা আহোম জাতি মুৰ্দাবাদ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সদৌ টাই আহোম যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচীত অংশ লৈ ৪০ লাখ টাই আহোমকলৈ আহোমলেণ্ড দাবীৰ হুংকাৰ কেন্দ্ৰীয় সভাপতি বিজয়ৰাজকোঁৱৰৰ । বৰঅসম গঢ়োতা চাওল্যুং চুকাফাই দি থৈ যোৱা পৰিবেশৰ বাবেই আজি অসমত মাত্ৰ এক দশমিক পাছ শতাংশ লোক থকা বামুনৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী হ’বলৈ সক্ষম হৈছে বুলি কেন্দ্ৰীয় সভাপতি বিজয়ৰাজকোঁৱৰে প্ৰকাশ কৰি সেইখন অসমত আহোম মুৰ্দাবাদ ধ্বনি উচ্চাৰিত হৈছে আৰু চুকাফাৰ বংশধৰে তাৰ প্ৰতিবাদ কৰিব লগা হৈছে ।অৱশ্যে বামুনৰ প্ৰতিনিধি মুখ্যমন্ত্ৰী হোৱাৰ বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ৰাজকোঁৱৰে ।