ৰঙিয়া,৭ ছেপ্টেম্বৰঃ ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙালিকুছিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লয় এ বি এম ছুৰ সক্ৰিয় কৰ্মী মোবাৰক আলী । আহত হয় এ বি এম ছুৰ আন এজন কৰ্মী ৰিয়াজুল হ’ক । আহত যুৱক জনক সংকট জনক অবস্থাত চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে নম্বৰ প্ৰেট বিহীন বুলেট বাইক এখন ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিতত পিছফালৰ পৰা চলন্ত ট্ৰাক এখনে খুন্দা মাৰে । মুহূৰ্ততে পথৰ ওপৰতে চিটিকি পৰি মোবাৰক আলী নামৰ যুৱক জনে মৃত্যুক সাৱটি লোৱাৰ উপৰিও ৰিয়াজুল হ’ক নামৰ যুৱক জন গুৰুতৰভাবে আহত হৈ মৃত্যুৰ সৈতে চিকিৎসালয়ত যুঁজি আছে । জানিব পৰামতে মৃত মৃত মোবাৰক তামোলপুৰ জিলাৰ দ্বাৰকুছি আঞ্চলিক সমিতিৰ ঘোগাৰপাৰ শাখাৰ সহ সম্পাদক । আহত
ৰিয়াজুল হ’ক এ বি এমছুৰ দিৰকুছি আঞ্চলিক সমিতিৰ সহ সম্পাদক । ইফালে সদস্য জনৰ মৃত্যুত এ বি এম ছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক টাইচন হুছেইনে গভীৰ শোঁক প্ৰকশ কৰাৰ উপৰিও আহত সদস্য জনৰ আশুআৰোগ কামনা কৰিছে ।