পৰ্বতঝোৰা, ৮ছেপ্টম্বৰঃ শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জালাবিলা দাসপাৰাত এগৰাকী বৃদ্ধ মহিলাৰ নৰ কংকাল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জালাবিলা অঞ্চলৰ চুকে কোনে তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে সমগ্ৰ পৰ্ব্বতঝোৰাত ।উল্লেখ্য যে, জালাবিলা বৰ গাঁৱৰ এজনী আনুমানিক ৮০ বছৰীয়া বৃদ্ধ মহিলা কবিতৰি ৰবিদাস বিগত ১৬ দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল বুলি পৰিয়ালৰ সূত্ৰে জানিব দিছে।আজি ৰাতি পুৱাৰ ভাগত বগৰী বাৰী আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ নৰ কংকাল উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা ৰ বাবে কোকৰাঝাৰ জিলা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা বুলি বগৰীবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰমেশ চন্দ্ৰ ৰায়ে জানিব দিছে ।