বঙাইগাঁও,৭ ছেপ্তেম্বৰঃ বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং বাঁশবাৰী আঞ্চলিক কৱৰ স্থানত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা আৱণ্টন দিয়া চোলাৰ লাইট সংযোগ কৰাৰ ৬ মাহ পিছৰ পৰাই বিকল হৈ আছে। উক্ত চোলাৰ লাইটৰ ঠাইত এখন বাল্ব লগাই থৈছে। উল্লেখ্য যে সাংসদ পুজিৰ ৩৪ নং উত্তৰ অভয়াপুৰীৰ বিধান সভা সমষ্টি বিভিন্ন ঠাইত বিকল হৈ আছে লাইটসমূহ। ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো মেৰামতি নহ’ল চোলাৰ লাইট। কিয় নিমাত হৈ থাকে বিভাগীয় কৰ্তৃপক্ষই। আচলতে বিভাগীয় কৰ্তৃপক্ষই পৰোক্ষ ভাবে জড়িত আছে নহ’লে বিহিত ব্যৱস্থা ল’লেহেতেন। চতুৰ্দশ বিত্তীয় আয়োগৰ অধিনত জিলা খনৰ সকলো পঞ্চায়তে এই চোলাৰ লাইট সমুহ পঞ্চাশ শতাংশতকৈ অধিক বিকল হৈ আছে। কিন্তু গা লঢ়া নাই বিভাগীয় কৰ্তৃপক্ষৰ। এই বিষয়ে ষ্টপ ক্ৰাইম অৰ্গেনাইজেশ্যন নামৰ এটি ৰাষ্ট্ৰীয় সন্হাই বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা মূখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ কাষ চাপিব বুলি সাংবাদিকক জানিব দিয়ে।
