বঙাইগাঁও,৯ ছেপ্তেম্বৰঃ বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰীৰ সমষ্টিৰ অন্তৰ্গত মানিকপুৰ বজাৰ গৃহত শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অগপত যোগদান কৰে। উল্লেখ্য যে কংগ্ৰেছ দলৰ মানিকপুৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নাচিৰ উদ্দিন আহমেদ, সাধাৰণ সম্পাদকদ্বয় গোলাপ উদ্দিন আহমেদ, নজৰুল ইছলাম, বাশঁবাৰী চালাবিলা পঞ্চায়তৰ আঞ্চলিক সদস্য আখেৰি জামানৰ লগতে বিভিন্ন স্তৰৰ শতাধিক কাৰ্যকৰ্তা সকলে । এই যোগদান কাৰ্যসূচীত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফনিভূশন চৌধুৰী, ৩৪ নং উত্তৰ অভয়াপুৰীৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, দক্ষিণ অভয়াপুৰী সমষ্টিৰ পূৰ্ণেন্দ্ৰ বনিক্যৰ লগতে অগপৰ জিলা, সমষ্টি, আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে । এই যোগদান কাৰ্যসূচীত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফনিভূষন চৌধুৰীয়ে কংগ্ৰেছ দলক চোকা ভাষাৰে সমালোচনা কৰে। লগতে কয় বৰ্তমান মানিকপুৰ কংগ্ৰেছ সূন্য হল বুলি কয়। কংগ্ৰেছ দলে গুনৰ কদৰ কৰিব নাজানে। চলিত কংগ্ৰেছ দলৰ বিধায়ক থকাৰ পিছতো দলৰ কাৰ্যকৰ্তাই অইন দলত যোগদান কৰাটো তাৎপৰ্য্যপূৰ্ণ কথা হৈছে। উল্লেখ্য যে কংগ্ৰেছ দলৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ ভাতৃ আনোৱাৰ খন্দকাৰৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিধায়কৰ গৃহ পঞ্চায়তৰ পৰা অধিক কংগ্ৰেছ কৰ্মী এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।