অভয়াপুৰী,৯ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰীৰ অভিযোগ ভিক্টৰ দাস নামৰ এজন ব্যক্তিৰ। ভিক্টৰ দাসৰ টুইটৰ পাছতেই শংকিত চাকৰিত আৱেদনকাৰী লাখ লাখ নিবনুৱা সকল । অভিযোগ মতে একোটাকৈ পদৰ দাম উঠিছে ৩ লাখৰ পৰা ৮ লাখ টকা। এই সন্দৰ্ভত অভয়াপুৰীৰ ২ নং প্ৰাথমিক বিদ্যালয়ৰ তথা কেইবাবাৰো ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শিক্ষক ছিৰখাত হুছেইনে জনায় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ কেলেংকাৰী হ’ব নোৱাৰে, যদি কোনো দুষ্ট চক্ৰই নিযুক্তি প্ৰক্ৰিয়াত দালালি কৰিব খুজিছে তেনেহলে প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি অনতিপলমে দালাল সকলৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে । কাৰণ এনেধৰণৰ দালাল সকলৰ বাবে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে আজি ঘৰতে বহি থাকিব লগা হৈছে। ৰাজ্য চৰকাৰে শূন্য সহণশীলতা আৰু নিৰ্ভেজাল ভাৱে ইতিমধ্যে শিক্ষক নিযুক্তিকে ধৰি আন আন নিযুক্তি সমূহ দিয়াৰো প্ৰমাণ আছে । গতিকে ৰাজ্য চৰকাৰৰ চকুত ধূলি দি যদি কোনো দালাল চক্ৰই লাখ লাখ টকা ঘটাৰ প্ৰচেষ্টা চলাইছে তেন্তে প্ৰশাসনে অনতিপলমে দালাল চক্ৰ সমূহক কৰায়ত্ত কৰিব লাগে আৰু উচিত প্ৰাপ্য শাস্তি প্ৰদান কৰিব লাগে বুলি মত প্ৰকাশ কৰে অভয়াপুৰীৰ ২ নং প্ৰাথমিক বিদ্যালয়ৰ তথা কেইবাবাৰো ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শিক্ষক ছিৰখাত হুছেইনে ।