ৰঙিয়া ৯ ছেপ্টেম্বৰ ঃ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে ৰঙিয়া আৰক্ষী দললৈ দুই লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰিছে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক জিপি সিঙে । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীৰ এটা দলে ৰঙিয়াত জব্দ কৰিছিল বৃহৎ সংখ্যক বন্য প্ৰাণী । ভাৰত মেইনমাৰ সীমান্তৰ পৰা বহি:ৰাজ্যৰ এটা বৃহৎ চক্ৰই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে দুখনকৈ বিলাসী বাহনত লৈ গৈ আছিল বন্য প্ৰাণী সমূহ । আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে দুখনকৈ বীলাসী বাহন ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ কৰি তালাচী চলোৱাৰ সময়ত বৃহৎ সংখ্যক বিভিন্ন প্ৰজাতিৰ বান্দৰ, চিম্পাঞ্জী, কাচ, চৰাই, কেংগৰু উদ্ধাৰ কৰে । ঘটনাৰ লগত জৰিত বহি:ৰাজ্যৰ দুজন ব্যক্তিকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ আৰক্ষীয়ে এনেদৰে এতিয়ালৈ বন্য প্ৰাণী জব্দৰ দ্বিতীয়টো ঘটনা । ৰঙিয়া আৰক্ষীৰ এনে সফলতাৰ পিচতে আজি ৰাজ্যৰ বিশেষ আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে আৰক্ষীৰ দলটোলৈ দুই লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে ।
