সৰুপথাৰ, ১০ছেপ্তেম্বৰঃধনশিৰি মহকুমাৰ বৰপথাৰত অন্য ৰূপত আৰক্ষী । সদায় দেখি অহা খাকী পোছাকৰ পৰিৱৰ্তে ধূতি-পাঞ্জাৱী আৰু ডিঙিত গামোচা পৰিধান কৰি ভকত সেৱা কৰিলে বৰপথাৰ আৰক্ষীয়ে । হয়, শুক্ৰবাৰে বৰপথাৰ আৰক্ষী থানাত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয় বাৰ্ষিক নাম । নাম প্ৰসংগ ভাগৱত পাঠেৰে দিনৰ কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত ৰাতিলৈ গান্ধাৰীৰ কৃষ্ণ দৰ্শন নামৰ এখনি মহাপুৰুষীয়া নাট মঞ্চস্থ কৰে । সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ভাওনাৰ শুভ উদ্বোধন কৰে । য’ত ২৪ ঘণ্টাই অঞ্চলটোত শান্তি শৃংখলা বৰ্তাই ৰখাৰ দায়িত্ব পালন কৰা আৰক্ষী বিষয়া কৰ্মচাৰীয়ে অভিনয় কৰিলে মহাপুৰুষীয়া নাটকত । মহাপুৰুষীয়া নাটকত অভিনয় কৰি দেখুৱাই দিলে খাকী পোছাক যোৰৰ মাজত লুকাই থকা তেওঁলোকৰ সাংস্কৃতিক মনটোক । বৰপথাৰ আৰক্ষীৰ দ্বাৰা অভিনিত মহাপুৰুষীয়া নাটক অগণন লোকে দৰ্শন কৰি উৎসাহ যোগাই ।