চতিয়া, ১১ছেপ্তেম্বৰ:চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে অভিযান চলাই জব্দ কৰিলে চোৰাং কাঠসহ এখন গাড়ী। গভীৰ নিশা বনকৰ্মীৰ দলটোৱে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেঙেলীমাৰীত জব্দ কৰে টাটা মবাইল গাড়ীখন। চোৰাং কাঠকটিয়াই বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়ত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া ধিৰাজ বৰ্মনৰ নেতৃত্বত বনকৰ্মীসকলে গোপন সূত্ৰৰ পম খেদি চোৰাং ভাৱে সৰবৰাহ কৰা গাড়ীখন জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে চাৰিদুৱাৰৰবনকৰ্মীসকলে এ এছ- ১২ -এ- ৮৮৫৬ নম্বৰৰ টাটা মবাইলখন জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহল। পথৰ ওপৰতে গাড়ী থৈ পলাই যায় জব্দকৃত গাড়ীখনৰ চালকজন।