নেচনেল ডেক্স,১২ ছেপ্টেম্বৰঃ গুজৰাটৰ লোথালৰ ঐতিহাসিক সিন্ধু উপত্যকা সভ্যতা অঞ্চলত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্স নিৰ্মাণ কৰি আছে। ভাৰতত এইটো হ’ব এনেধৰণৰ প্ৰথমটো কমপ্লেক্স। এই প্রকল্পটোৱে ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্র্যপূর্ণ সামুদ্রিক ঐতিহ্য প্ৰদৰ্শন কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা প্রকল্পটো ৩,৫০০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হ’ব। যিয়ে ভাৰতীয় জাহাজ নিৰ্মাণৰ উপৰিও ইয়াৰ সামুদ্রিক খণ্ডৰ ৫,০০০ হাজাৰ বছৰৰ ইতিহাস প্ৰদৰ্শন কৰিব। ২০২৪ বৰ্ষৰ মাৰ্চ মাহত
প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰা হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে এই অভিলাষী প্ৰকল্পটোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ গুজৰাটৰ লোথালৰ প্ৰস্তাৱিত স্থান আজি পৰিদৰ্শন কৰে আৰু গুজৰাট চৰকাৰ তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ
অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ প্ৰকল্পৰ সংগ্ৰহালয়টোত ঢোলাভিৰাত খনন কৰা প্ৰখ্যাত হৰপ্পা পানী সংৰক্ষণ আৰু ব্যৱস্থাপনা প্রণালী ফুটাই তোলা হ’ব৷ এই সন্দৰ্ভত সোণোৱালে কয়- “প্ৰকল্পটো পৰ্যটকৰ বাবে এক নতুন আন্তঃৰাষ্ট্ৰীয় গন্তব্য স্থান হিচাপে বিকশিত কৰা হ’ব আৰু জাহাজ পৰিবহণ মন্ত্রণালয়ৰ সাগৰমালা কাৰ্যসূচীৰ অধীনত বিশ্বৰ অন্যান্য প্রসিদ্ধ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সমতুল্য হিচাপে ইয়াক গঢ়ি তোলা হ’ব৷ ই স্থানীয় লোকসকলৰ বাবে নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব আৰু তেওঁলোকক কেইবাটাও কুটিৰ উদ্যোগ বিকশিত কৰাত কৰিব৷ এনে এটিঅভিলাষী প্রকল্প স্থাপনৰ ক্ষেত্ৰত আমাৰ মন্ত্রণালয়ক মাৰ্গদৰ্শন কৰাৰ বাবে মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।” ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে গান্ধীনগৰৰ মহাত্মা মন্দিৰ সন্মিলন কেন্দ্ৰত আয়োজিত “সেউজ জাহাজৰ পুনর্ব্যৱহাৰ আৰু বাহন স্ক্রেপিং” সংক্রান্তীয় এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰো শুভ উদ্বোধন কৰে৷ এই সন্মিলনখন কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ৰ লগতে গুজৰাট মেৰিটাইম ব’ৰ্ড আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰছ্ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে অংশীদাৰ হিচাপে আয়োজন কৰিছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণত কয় যে, গুজৰাট হৈছে ভাৰতৰ ব্যৱসায়িক প্ৰৱেশদ্বাৰ আৰু বিশ্বৰ অন্যতম পছন্দৰ সামুদ্রিক গন্তব্যস্থান। ভাৰতীয় সামুদ্রিক সফলতাৰ ক্ষেত্ৰত গুজৰাট হৈছে ধ্বজাবাহক। ১৬০০ কিলোমিটাৰ উপকূলীয় অঞ্চলৰ সৈতে গুজৰাটে ভাৰতৰ ৪০ শতাংশতকৈ অধিক কাৰ্গ প্ৰক্ৰিয়াকৰণৰ পৰিচালনা কৰে। গুজৰাটৰ আলং-ছোছিয়া শ্বিপয়াৰ্ডৰ ক্ষমতা পৰিকল্পিতভাৱে দুগুণ কৰাৰ যোগেদি বৃহৎ সংখ্যক নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব আৰু ই গুজৰাট তথা দেশখনলৈ অধিক অর্থনৈতিক সমৃদ্ধি কঢ়িয়াই আনিব বুলি সোণোৱালে লগতে কয়। তেওঁ আৰু কয় – “গুজৰাটত সাগৰমালা কাৰ্যসূচীৰ অধীনত ৫৭,০০০ কোটি টকাৰে ৭৪টা প্ৰকল্প হাতত লোৱা হৈছে, যাৰ ভিতৰত ৯,০০০ কোটি টকাৰ ১৫টা প্রকল্প সম্পূৰ্ণ হৈছে, ২৫,০০০ কোটি টকাৰো অধিক মূল্যৰ মুঠ ৩৩টা প্রকল্প কাৰ্যকৰী হৈ আছে আৰু ২২,৭০০ কোটি টকাৰ মুঠ ২৬টা প্ৰকল্প উন্নয়নৰ দিশত আছে।’