কৃষাণ মৰ্চাৰ সভাত দেখা নগ’ল এজনো বোকাপানী গছকি অহা কৃষক শাসনাধিস্থ বিজেপি চৰকাৰৰ দিনত ভুমাফিয়া হয় ভুমিহীন , মাটিৰ দালাল হয় আদৰ্শ খেতিয়ক আৰু গাহৰি পালকো হয় কৃষক । এই অভিযোগ আমাৰ নহয় । উত্তৰ গুৱাহাটী প্ৰাগজ্যোতিষ কলা পৰিষদ ভৱনত অনুষ্ঠিত হৈছিল উত্তৰ গুৱাহাটী কৃষান মৰ্চাৰ কাৰ্য নিৰ্বাহক সভা । কৃষাণ মৰ্চাৰ সভাত দেখা নগ’ল এজনো বোকাপানী গছকি অহা কৃষক ।কৃষান মৰ্চাৰ সভাত কৃষান মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টৰ দীঘলীয়া ভাষণ শুনি আমনি লাগিল বহুতৰে । ভট্টৰ ভাষণত আৰম্ভণিৰ পৰা শেষলৈ হিন্দু সভ্যতাৰ বুৰঞ্জী পাঠ । ভাষণত বিশেষ স্থান নাপালে কৃষক কল্যাণৰ কথা । বিধায়ক দিগন্ত কলিতাই আকৌ মুখ্যমন্ত্ৰী বন্দনাৰেই সামৰিলে ভাষণ । তাৰ পিছতে সভা শুৱনিৰ বাবে তিনি কৃষকক আদৰা হয় । আদৰ্শ কৃষক ৰূপে কৃষান মৰ্চাই সম্বৰ্ধনা জনোৱা তিনি কৃষকৰ এগৰাকীয়ে কৰে গো পালন । এগৰাকী আকৌ গাহৰি পালক । আন গৰাকী আদৰ্শ খেতিয়কৰ নাম অশোক বড়ো । উত্তৰ গুৱাহাটী লেঙা ফুলুঙত দুশ বিঘাৰো অধিক চৰকাৰী ভুমি ভাৰালৈ দি লাখ লাখ টকা উপাৰ্জন কৰা একপ্ৰকাৰে কৃষক চৰ্দাৰ । বেআইনীভাবে চৰকাৰী ভুমি বেদখলকাৰীলৈ ইতিমধ্যে উত্তৰ গুৱাহাটীৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে কৰিছে হেনো জাননী জাৰি । আৰু নিজে খেতি নকৰি সন্দেহযুক্ত লোকক চৰকাৰী ভুমি ভাৰালৈ দিয়া অশোক বড়ো হ’লগৈ এতিয়া কৃষান মৰ্চাৰ আদৰ্শ খেতিয়ক। যাৰবাবে এতিয়া এই বিষয়টোলৈ নানা বু বা চলিছে, বহুতৰেই অভিযোগ । এতিয়া প্ৰশ্ন হয় চৰকাৰী ভুমি বেদখল আৰু ভাৰালৈ দি বেআইনী কাম কৰা লোকক এনেদৰে উদ্গনি দি কি সুচাব বিচাৰিছে বাৰু? এনেকৈ আদৰ্শ কৃষক নিৰ্বাচন কিমান গ্ৰহণযোগ্য তাক লৈয়ো নানা চৰ্চা আৰম্ভ হৈছে সচেতন মহলৰ মাজত ।