ধুবুৰী ১৩ ছেপ্টেম্বৰঃ আজি ধুবুৰীস্থ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয় চৌহদৰ পৰা একাংশ ক্ষুব্ধ ৰাইজে দালাল এজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি, দক্ষিণ শালমাৰাৰ জাহিদুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে প্ৰায় দুই বছৰমান পূৰ্বে দুটাকৈ ড্ৰাইভিং লাইচেঞ্চ বনাই দিয়াৰ প্ৰতিশ্ৰুতি মৰ্মে ওৱাছিম আলফাৰুক এৰফে ৰ’ণি নামৰ যুৱক এজনক এজনক ১৩ হাজাৰ টকা প্ৰদান কৰিছিল। কিন্তু বহু দিনৰ পৰা তাঁত বাটি বাই দিয়া ধন অথৱা ড্ৰাইভিং লাইচেঞ্চ দুখনৰ এখনো নোপোৱাত ক্ষুব্ধ ইছলামে আজি ধুবুৰীস্থ পৰিবহন বিভাগৰ কাৰ্য্যালয় চৌহদৰ পৰা একাংশ লোকৰ সহযোগত আজি দালালৰূপী সেই যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, ধুবুৰীৰ পৰিবহন বিভাগৰ কাৰ্য্যালয়ত কৰ্মৰত একাংশ কৰ্মচাৰীৰ সহযোগত দীৰ্ঘদিনৰ পৰাই কাৰ্য্যালয়টোত এক দালাল চক্ৰ সক্ৰিয় হৈ থকাৰো এক দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছে । ধৃত যুৱকজনৰ ঘৰ ধুবুৰী চহৰৰ ৫ নং ওৱাৰ্ডত ।

Home অসম আৰু উত্তৰপূব ধুবুৰীৰ জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়ৰ পৰা এজন দালালক আটক একাংশ উত্তেজিত ৰাইজৰ