ৰঙিয়া, ১৩ ছেপ্তেম্বৰঃ ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ । ৰঙিয়াৰ একাংশ হোটেলত চাহ-ভাতৰ পৰিবৰ্তে বিক্ৰী হয় নিষিদ্ধ গাঞ্জা । আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । ৰঙিয়া নগৰৰ হাইৱে চকৰ ফাতেমা হোটেলত প্ৰায় ১ কেজি গাঞ্জা জব্দ । হাতে লোতে গ্ৰেপ্তাৰ ৰঙিয়া নগৰৰ মুৰাৰাৰ আচান আলী । গোপন সূত্ৰৰ পম খেদি ফাতেমা হোটেলত নগৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ নেতৃত্বত অভিযান । হোটেলত চাহ-ভাত বিক্ৰীৰ পৰিবৰ্তে গাঞ্জা বিক্রী কৰি থকাৰ মুহূৰ্তত হাতে-লোতে গ্ৰেপ্তাৰ গাঞ্জা ব্যৱসায়ী তথা হোটেলৰ স্বত্বাধিকাৰী আচান আলী । হোটেলত চাহ-ভাত বিক্ৰীৰ নামত নিষিদ্ধ গাঞ্জা বিক্ৰী কৰি অহাৰ অভিযোগ আচান আলীৰ বিৰুদ্ধে । আৰক্ষীৰ অভিযানত জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে আচান আলীক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ।