গুৱাহাটী,১৪ ছেপ্তেম্বৰঃ গুৱাহাটী ৰে’ল আৰক্ষীৰ বৃহৎ সফলতা। পল্টন বজাৰ ৰে’লৱে ষ্টেচনত জব্দ ৪৫ খন চুৰি বাইক। ষ্টেচনৰ ২ নম্বৰ প্লেটফৰ্মৰ পৰা জব্দ কৰা হয় বাইক কেইখন। দিল্লীৰ পৰা অনা হৈছিল এই চুৰি বাইককেইখন। জানিব পৰা মতে ডিমাপুৰ অভিমুখে নিয়াৰ পৰিকল্পনা আছিল চুৰি বাইককেইখন। ইঞ্জিন আৰু ছেচিছ নম্বৰত ৰং সানি আনিছিল বাইকেইখন। জি আৰ পিয়ে অভিযান চলাই জব্দ কৰে বাইককেইখন।