নিউজ ডেক্স,১৪ ছেপ্তেম্বৰঃ অতিকৈ শোকাৱহ ঘটনা। নিৰ্মাণাধীন অট্টালিকাৰ লিফ্ট খহি মৃত্যু ৮ জন শ্ৰমিকৰ। গুজৰাটৰ আহমেদাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আহমেদাবাদত বুধবাৰে পুৱা নিৰ্মাণৰত এটা অট্টালিকাত ৮ জন শ্ৰমিকৰ মৃত্যু হয়। জানিব পৰা মতে আহমেদাবাদ চহৰৰ পজানৰাপোল চাৰিআলিৰ ওচৰত এটা অট্টালিকাৰ নিৰ্মানৰ কাম চলি আছিল । বুধবাৰে পুৱা প্ৰায় ১০ মান বজাত সেই নিৰ্মাণাধীন অট্টালিকাটোৰ লিফ্টটো খহি পৰে। যাৰ ফলত তাত কাম কৰি থকা ৮ জনকৈ শ্ৰমিকৰ থিতাতে নিহত হয়। ঘটনাটোৰ পিছতে অট্টালিকাটোৰ চাৰিওফালে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ঘটনাটোত মৃত্যু হোৱা লোককেইজন নিৰ্মাণাধীন অট্টালিকাটোৰে শ্ৰমিক আছিল। শ্ৰমিক কেইজন গুজৰাটৰ পঞ্চমহাল জিলাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে ঘটনাক লৈ প্ৰশাসনে ইয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে ।