গুৱাহাটী,১৪ ছেপ্তেম্বৰঃ পুনৰ জয়মালাৰ প্ৰসংগ। বিধানসভাতো আহিল জয়মালা। প্ৰসংগ আহিল যদিও জয়মালাক আনিব নোৱাৰিলে অসম চৰকাৰে। উল্লেখ যে বহুবছৰ পূৰ্বে অসমৰ পৰা তামিলনাডুলৈ নিয়া ‘জয়মালা’ নামৰ হাতীটোক বৰ্বৰ অত্যাচাৰ কৰাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বিভিন্ন দল-সংগঠনে হাতীটোক ঘূৰাই অনাৰ বাবে দাবী জনাইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্ব সহকাৰে লৈ অসম চৰকাৰৰ এটা দল তাৎক্ষণিকভাৱে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল। কিন্তু দলটোৱে ইমানদিনে জয়মালাক দেখা কৰিবলৈ সক্ষম নহ’ল। এই সন্দৰ্ভত আজি বিধানসভা চৌহদত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে কয় যে জয়মালাৰ বাবে আমি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছো। ন্যায়ালয়লৰ ৰায়ৰ বাবে অপেক্ষা কৰি আছো। তামিলনাডুত বৰ্তমান জয়মালা সুৰক্ষিত অৱস্থাত আছে। তেওঁ কয় যে অসম চৰকাৰৰ মুখ্য সচিবে তামিলনাডু চৰকাৰৰ লগত কথা পাতিছে। তামিলনাডু চৰকাৰে অসম চৰকাৰ দলটোক জয়মালাক সাক্ষাৎ কৰিব নিদিয়াটো উচিত কাম হোৱা নাই। বৰ্তমান হাতীটো তামিলনাডু চৰকাৰৰ হাতত নাই। হাতীটো ব্যক্তিগত মালিকাধীনত আছে বুলি তেওঁ জনায়। তেওঁ লগতে কয় যে জয়মালাক অসমলৈ আনিবৰ ভাৱে সমস্ত পৰিবহন খৰছ বহন কৰিবলৈ সাজু আছে বন বিভাগ। আনহাতে আন আঠটা হাতীৰ প্ৰসংগও তেওঁ উল্লেখ কৰে।
ইফালে আজি বিধানসভাত বিধায়ক আশ্ৰাফুল হুছেইনে জয়মালা প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে। এই সন্দৰ্ভত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া তথ্য মতে অসমৰ পৰা তামিলনাডুলৈ জয়মালা হাতীটো ২০১১ চনত অসম চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ সন্মতি সাপেক্ষে প্ৰেৰণ কৰা হৈছিল। বর্তমান হাতীটো অসমলৈ ঘূৰাই অনা হোৱা নাই। হাতীটোক নির্দয় অত্যাচাৰ কৰা সম্পর্কে সংবাদ মাধ্যম যোগে বিভাগ জ্ঞাত আৰু বন বিভাগে ২০২১ চনৰ ৮ মাৰ্চত এখন পত্র তামিলনাডু চৰকাৰলৈ প্ৰেৰণ কৰিছিল। বর্তমান হাতীটোৰ স্বাস্থ্যৰ অৱস্থা ভাল বুলি সংবাদ মাধ্যম যোগে জানিব
পৰা গৈছে বুলি সদনত কোৱা হয়। তদুপৰি অসম চৰকাৰৰ এক উচ্চস্তৰীয় প্রতিনিধি দল ২ ছেপ্তেম্বৰত তামিনাডুলৈ প্ৰেৰণ কৰাৰ কথা সদনত সদৰি কৰা হয়। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক আশ্ৰাফুল হুছেইনে।
লক্ষণীয় বিষয় যে অসমৰ পৰা যোৱা দলটোৱে এতিয়াও জয়মালাক ওভতাই অনাৰ কথা দূৰৈৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে তামিলনাডু চৰকাৰে অসম চৰকাৰলৈ বিষয়টো সন্দৰ্ভত এখন বিশেষ চিঠি প্ৰেৰণ কৰিছে। চিঠিখনত চোকা ভাষাৰে তিৰস্কাৰ কৰিছে অসম চৰকাৰক। এক কথাত ‘জয়মালা’ নামৰ হাতীজনীক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সংঘাত তুংগত উঠিছে। তামিলনাডুত মাউতৰ দ্বাৰা অসমৰ হাতীক অত্যাচাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অসমত। এই ভিডিঅ’ৰ আলম লৈ অসমৰ মুখ্য সচিবে তামিলনাডু চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া তামিলনাডু চৰকাৰৰ হৈ বন সচিব সুপ্ৰিয়া চাহুয়ে ইয়াৰ প্ৰত্যুত্তৰ দিছে। পত্ৰখনত তেওঁ কৈছে যে বিষয়টোৰ সন্দৰ্ভত অসমে তামিলনাডুৰে পোনপটীয়া আলোচনাত মিলিত নোহোৱাটো দুৰ্ভাগ্যজনক। তাকে নকৰি কোনো আইনপ্ৰদত্ত ক্ষমতা নোহোৱাকৈ অকৰ্তৃত্বশীলভাৱে অসম চৰকাৰৰ দল হাতী চাবলৈ চেন্নাই পাইছেহি। গোটেই ঘটনাটোৱে অনাহকত বিতৰ্কৰ সূত্ৰপাত কৰিছে বুলি তেওঁ সদৰি কৰিছে। অসমৰ মুখ্য সচিবে উল্লেখ কৰা ভিডিঅ’টো ডেৰ বছৰ পুৰণি। ঘটনাটোৰ পিছত মাউত বিনীল কুমাৰ আৰু কাৱাডি শিৱপ্ৰসন্থক বৰ্খাস্ত কৰা হৈছে। তাৰ পিছৰ পৰা জয়মালা নামৰ হাতীজনীক সুব্ৰমনিয়াম আৰু ৰঞ্জিত কুমাৰ নামৰ দুজন মাউতৰ তত্বাৱধানত মৰমৰে ৰখা হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হয়। উল্লেখ যে তামিলনাডু চৰকাৰে PeTAলৈও প্ৰেৰণ কৰিছে আইনী জাননী। People for Ethical Treatment of Animal নামৰ সংগঠনটোক ক্ষমা খোজাৰ আৰু হাতী অত্যাচাৰৰ পুৰণি ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে তামিলনাডু চৰকাৰৰ বন বিভাগে।
উল্লেখ যে জয়মালাক উভতাই আনিবলৈ তামিলনাডুলৈ গৈছিল অসমৰ চাৰিজনীয়া এটা দল। জানিব পৰা মতে ইতিমধ্যে জয়মালাৰ ওচৰ নোপোৱাকৈয়ে উভতি আহিছে অসমৰ দলটোৰ একাধিক সদস্য। ঘূৰি আহিছে দলটোত থকা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন। অৱশ্যে ঘটনা সন্দৰ্ভত কোনেও মুখ খোলা নাই। এনে এক পৰিস্থিতিত জয়মালাক অসমলৈ ওভতাই অনাটো সম্ভৱ হ’বনে নহয় সেয়া সময়েহে ক’ব।