গোৰেশ্বৰ-১৫চেপ্তেম্বৰঃ ডি ৱাই এফ আই আৰু এছ এফ আইৰ অসম ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি গোৰেশ্বৰৰ মহৰিপাৰাত প্ৰতিবাদী সভা ৰূপায়ন কৰে। নিবনুৱাক কৰ্মসংস্থাপন দিয়া, চাকৰিৰ নামত হোৱাৰ সঠিক তদন্ত কৰা, বান সমস্যা সমাধান, ৰাজহুৱা শিক্ষা ৰক্ষা কৰা, মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত সংগঠন দুটাই উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে। ডিৱাইএফআইৰ তামুলপুৰ জিলাৰ সম্পাদক দ্বিজেন কুমাৰ ৰয়ে আঁত ধৰা সভাখনত ভাষণ প্ৰদান কৰে এছ এফ আইৰ জিলা সম্পাদক সঞ্জীৱ বৈশ্য, ডিৱাইএফআইৰ জিলা নেতা বিৰাজ ডেকা আৰু ডিৱাইএফআইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি প্ৰবীণ দাসে। বক্তাসকলে ভাষণ প্ৰসংগত ৰাজ্যৰ নিবনুৱা সকলে কৰ্মসংস্থাপন বিছাৰি হাহাকাৰ কৰাৰ কথা উল্লেখ কৰে। তদুপৰি ২৬ হাজাৰ চাকৰি দিয়াৰ বিনিময়ত ব্যাপক ধনৰ লেনদেনৰ যি অভিযোগ তাৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰে। তদুপৰি ৰাজ্যখনত গণতান্ত্ৰিক পৰিবেশ নাইকিয়া কৰি এক স্বৈৰাতান্ত্ৰিক আৰু ভয় ভাবুকিৰ পৰিবেশ সৃষ্টি কৰাৰ কথাও উল্লেখ কৰে।
