নিউজ ডেক্সঃ ফৰাচী ৱাইন ব্যৱসায়ী মিচেল পণ্ট। তেওঁ এজন এক্স চাৰ্ভিচমেন। এটা বিশেষ কাৰণত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মিচেলৰ নাম লিপিবদ্ধ হৈছে। কাৰণ মিচেল এশৰো অধিক যুদ্ধ বিমানৰ মালিক।মিচেল বিশ্বৰ একমাত্ৰ ব্যক্তি যাৰ হাতত ইমানবোৰ যুঁজাৰু বিমান আছে। তেওঁৰ হাতত আছে মুঠ ১১০খন যুদ্ধ বিমান।ফ্ৰান্সৰ বুৰ্গাণ্ডী অঞ্চলৰ স্থানীয় বাসিন্দা মিচেলে নিজৰ ঘৰৰ ওচৰতে আঙুৰৰ খেতি কৰে। তেওঁৰ চখৰ ভিতৰত যুদ্ধ বিমান আৰু পুৰণি গাড়ী সংগ্ৰহ কৰাও অন্যতম।সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত মিচেলে সিদ্ধান্ত লয় যে তেওঁ ৱাইনৰ ব্যৱসায় কৰিব। ফ্ৰান্সৰ বুৰ্গাণ্ডীৰ বিভিন্ন ধৰণৰ ৱাইন উৎপাদনৰ ক্ষেত্ৰত বিশ্বমানৰ সুনাম আছে।গতিকে মিচেলে বুৰ্গাণ্ডীত ১২ হেক্টৰ (প্ৰায় ৩০ একৰ) মাটি কিনে। ১৩৪০ চনত নিৰ্মিত এটা দুৰ্গৰ সৈতে মিচেলে এই মাটিখিনি ক্ৰয় কৰে।সেই অঞ্চলৰ মাটিৰ দাম কম হোৱাৰ বাবে মিচেলে এবাৰতে ইমান মাটি কিনে।১২ হেক্টৰৰ চাৰি হেক্টৰত আঙুৰৰ খেতি কৰাৰ সিদ্ধান্ত লয়। আৰু যুদ্ধ বিমানবোৰ সংগ্ৰহত ৰাখিবলৈ দুৰ্গৰ ওচৰৰ তিনি হেক্টৰ মাটি বাছি লৈছিল।১৯৮০ চনৰ পৰা মিচেলে সংগ্ৰহ আৰম্ভ কৰিছিল। সেনাবাহিনীৰ যুঁজাৰু পাইলট হোৱাৰ আগতে মিচেলে গাড়ী ৰেচিং কৰিছিল।এখন প্ৰতিযোগিতাত জয়ী হোৱা বাবে তেওঁক সেনাই এখন যুঁজাৰু বিমানেৰে সন্মানিত কৰিছিল।ইয়াৰ পিছত মিচেলৰ সেনাবাহিনীত যুদ্ধ বিমান সংগ্ৰহ কৰাৰ আসক্তি বাঢ়ি যায। নিজে পাইলট হোৱাৰ বাবে তেওঁৰ সেনাবাহিনীৰ সৈতে ভাল যোগাযোগ আছিল।সেয়ে তেওঁ ফোৰ্চৰ পৰা কম দামত স্ক্ৰেপ কৰা বিমান সমূহ কিনিবলৈ ধৰিলে। এতিয়া তেওঁৰ হাতত আছে ১১০খন যুদ্ধ বিমান।মিচেলৰ হাতত কিছুমান ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ যুদ্ধ বিমানো আছে। ইয়াৰে এখন হৈছে ৰিপাব্লিক এফ-১০৫ থাণ্ডাৰচিফ।আমেৰিকাৰ বায়ুসেনাৰ অন্যতম বৃহৎ যুদ্ধ বিমান, ভিয়েটনাম যুদ্ধৰ সময়ত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।আমেৰিকাৰ যুদ্ধ বিমানৰ উপৰিও মিচেলৰ হাতত ৰাছিয়াৰ কেইবাখনো গুৰুত্বপূৰ্ণ যুদ্ধ বিমানো আছে। ইয়াৰ ভিতৰত আছে সুখয় ‘ফিটাৰ’ আৰু মিগ-২১ ‘ফিচবেড’ যুঁজাৰু বিমান।মিচেলে পোলেণ্ড আৰু হাংগেৰীৰ পৰা এই যুদ্ধ বিমানসমূহ সংগ্ৰহ কৰিছিল।মিচেলৰ সংগ্ৰহত থকা আটাইতকৈ আধুনিক যুঁজাৰু বিমানখন হৈছে এফ-১৬ ফাইটিং ফেলকন।পৃথিৱীৰ আন কোনো ব্যক্তিৰ ব্যক্তিগত সংগ্ৰহত ইমানবোৰ যুঁজাৰু বিমান নাই। এই সাফল্যৰ বাবেই মিচেলে গিনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিছে।এক সমীক্ষা অনুসৰি মিচেলৰ সংগ্ৰহত বাংলাদেশ আৰু শ্ৰীলংকাতকৈ অধিক যুঁজাৰু বিমান আছে।









