গুৱাহাটী,১৬ ছেপ্তেম্বৰঃ নিযুক্তি কেলেংকাৰীৰ প্ৰসংগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মন্ত্রী পীযুষ হাজৰিকাৰ মতে ক’তোৱে নিযুক্তি কেলেংকাৰী হোৱাই নাই। তেওঁৰ মতে নিযুক্তি কেলেংকাৰী কংগ্ৰেছৰ দিনত হৈছিল। নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত আজি বিধানসভা চৌহদত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্রী পীযুষ হাজৰিকাই। নেতাৰ ঘনিষ্ঠই চাকৰি পোৱা সন্দৰ্ভত তেওঁ এজন বিধায়কৰ লগত ফটো উঠা ব্যক্তিজন যোগ্য নহ’ব নেকি বুলিহে প্ৰশ্ন কৰে। বিজেপি চৰকাৰৰ দিনত যোগ্যজনেহে চাকৰি লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ চাকৰি লাভ কৰা সকলৰ ঘৰলৈ গৈ পৰিৱেশ দেখুওৱাৰ লগতে সাক্ষাতকাৰ লোৱাৰ বাবে সাংবাদিক সকলৰ প্ৰতি আহ্বান জনায়। শেহতীয়া পৰীক্ষাৰ ফলাফল ওলালে প্ৰাৰ্থীসকলৰ বেকগ্ৰাউণ্ড চালে সকলো গম পাব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে আজিকালি চ’ছিয়েল মিডিয়াৰ যুগত অভিযোগৰ অন্ত নাই। বিজেপিৰ দিনত নিযুক্তি কেলেংকাৰী হোৱাই নাই বুলি সদৰি কৰি তেওঁ কয় যে নিযুক্তি কেলেংকাৰী হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। ভিক্টৰ দাসৰ প্ৰসংগত তেওঁ কয় যে কিবা তথ্যপাতি আছে যদি দিয়ক, এনেয়ে অভিযোগ দিলে নহ’ব।