নিউজ ডেক্সঃধাৰাষাৰ বৰষুণৰ বাবে ঘৰৰ দেৱাল খহি শুক্ৰবাৰে লক্ষ্ণৌৰ দিলকুছা অঞ্চলত কমেও নজন লোকৰ মৃত্যু হয় । আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে শীৰ্ষ বিষয়াসকলক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। যোগীয়ে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে আঘাতপ্ৰাপ্ত ব্যক্তিক সঠিক চিকিৎসাৰ নিৰ্দেশ দিছে।ঝান্সি, ওৰাই, লক্ষ্ণৌ, কানপুৰ আৰু বাহৰাইচকে ধৰি উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত যোৱা ২৪ ঘণ্টা ধৰি ধাৰাষাৰ বৰষুণ হৈ আছে। পৰৱৰ্তী দুদিনৰ বাবে বৰেলী, পিলিভিট, শ্বাহজাহানপুৰ, হাৰদোই, সীতাপুৰ, কানপুৰ আৰু প্ৰয়াগৰাজত অধিক বৰষুণৰ আগজাননী দিয়া হৈছে।উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত দুগৰাকী দলিত নাবালিকা ছোৱালীক ধৰ্ষণ আৰু হত্যাৰ মাজতে ৰাজ্যখনৰ ৰাজনীতি চলি আছে। যোগী প্ৰশাসনক বিৰোধীয়ে লক্ষ্য কৰি লৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰতো আৰ্থিক সাহায্য ঘোষণা কৰিছে।