নিউজ ডেক্সঃ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাৰ প্ৰতিবাদ তথা জনজাতিকৰণৰ নামত চৰম মিত্যাচাৰেৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা নিদিয়াৰ ক্ষোভত টীয়কৰ ৰাজপথত পুনৰ জ্বলিল প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তোলিকা। আজি টীয়ক হাঁহচৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মটক যুৱ সন্মিলন, তেওঁলোকৰ ভাতৃ সংগঠন আৰু মহিলা সংগঠন একত্ৰিত হৈ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহৰ কার্যসূচী গ্ৰহণ কৰে। উক্ত কার্যসূচীত সন্মিলনৰ সভাপতি নবীন গগৈ , সম্পাদক হয়গ্ৰীৱ মাধৱ বৰুৱা, আকাশ চেতিয়া সহিতে প্ৰায় শতাধিক কৰ্মী উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় লগতে অহা ২২ ছেপ্টেম্বৰত বিধান সভা ঘেৰাও আৰু ২৬ ছেপ্টেম্বৰ তাৰিখৰ অসম বন্ধৰ কাৰ্যসূচী সদৌ অসমবাসীৰ সহযোগিতা কামনা কৰে।
