শালমাৰা, ১৭ছেপ্টেম্বৰঃহাটশিঙীমাৰী, ১৭ চেপ্তেম্বৰঃদক্ষিণ শালমাৰা সমষ্টিৰ বাহিৰ শালমাৰা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনি ভেৰিফিকেচন কৰাৰ নামত হিতাধিকাৰীৰ পৰা তিনিশৰ পৰা এহেজাৰকৈ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ জনৈক আলীৰ নামৰ এজন দালালে দুখীয়া ৰাইজৰ পৰা সংগ্ৰহ কৰি আছে ধন। কাৰ আশীৰ্বাদত জনৈক আলীয়ে চলাই আছে এই দালালৰাজ তাকলৈ সচেতন মহলৰ মাজত লাখটকীয়া প্ৰশ্নৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে৷ আচলতে এই আলীৰ আঁৰত কোন আছে ? ইয়াৰ আগতে পি এম এ ওৱাই জি বিনামূলীয়া ঘৰৰ নামত হিতাধিকাৰী সকলোৰ পৰা টকা লোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ এই আলীয়ে বিভিন্ন হিতাধিকাৰীৰ নামত টকা লোৱাৰ অভিযোগত সৰবেশ আলী নামৰ হিতাধিকাৰী জনে অৰুনোদয় আঁচনিৰ ভেৰিফিকেচনৰ নামত কিয় টকা লাগে বুলি আশ্ৰফ আলীক সোধাত তেওঁ সৰবেশ আলীক মাৰপিট কৰাৰ ভাবুকি প্ৰদান কৰে বুলি এজাহাৰত উল্লেখ কৰে৷ সেয়ে বন্দিহানা আৰক্ষী চকীত সৰবেশ আলী নামৰ হিতাধিকাৰী জনে এজাহাৰ দাখিল কৰে৷ এতিয়া বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে আচামী জনৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয়।
Home অসম আৰু উত্তৰপূব দক্ষিণ শালমাৰাৰ বাহিৰ শালমাৰাত অৰুনোদয় আঁচনি ভেৰিফিকেচনৰ নামত চলিছে ব্যাপক কেলেংকাৰী