জামুগুৰিহাট, ১৪ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোৰ লগত সংগতি ৰাখি নিজে জেচিবি চলাই জেচিবিৰে মাটি খান্দি সমষ্টিত প্ৰধানমন্ত্ৰী অমৃত সৰোবৰ আঁচনিৰ কামৰ শুভাৰম্ভ কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷সমষ্টিটোৰ বিভিন্ন প্ৰান্তত শণিবাৰে ১১ খনকৈ আঁচনিৰ এইদৰেই শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে৷ হাজৰিকাই উত্তৰ চিলাবন্ধা গাঁও পঞ্চায়তৰ দুটাকৈ আঁচনিও এইদৰেই জেচিবি চলাই মাটি খান্দি শুভাৰম্ভ কৰি কয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এইদৰে জেচিবি চলাই যথেষ্ট সুখী বুলি মন্তব্য কৰি অমৃত সৰোবৰ আঁচনিসমুহৰ সফল ৰূপায়ন কামনা কৰে বিধায়ক হাজৰিকাই৷