গুৱাহাটী,১৯ চেপ্তেম্বৰঃ আজি অসম গণ পৰিষদ দলৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ এখন বিশেষ সাংগঠনিক সভা দিশপুৰস্থ অসম গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ৰাজ্যৰ চাৰি শতাধিক মহিলা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত উপস্থিত থাকি দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ মহিলা সকলক ঐক্যবদ্ধ কৰি এখন সুশৃঙ্খলিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াত মহিলা পৰিষদক নিৰ্দিষ্ট পৰিকল্পনাৰ আধাৰত কাম কৰিবলৈ আহ্বান জনায়। সভাপতি বৰাই লগতে কয় যে, মহিলা সকলে পৰিয়ালৰ দায়িত্ব গ্ৰহণৰ লগতে এখন সুস্থ সমাজ গঠনত অগ্ৰণি ভূমিকা গ্ৰহণ কৰি আহিছে। মহিলা সকল ত্যাগ আৰু সাফল্যৰ প্ৰতীক বুলি উল্লেখ কৰি বৰাই প্ৰতিগৰাকী মহিলাকে স্বাৱলম্বী হ’বলৈ আহ্বান জনোৱাৰ লগতে মহিলা পৰিষদক সমগ্ৰ অসমতে অধিক তৎপৰতাৰে সাংগঠনিক কামত মনোনিবেশ কৰি নিজকে সৱল ভাৱে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰে। সভাত দলটোৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই মহিলা সকলৰ সামাজিক ন্যায় আৰু সৱলীকৰণত বিশেষ ভূমিকা লোৱাত গুৰুত্ব দিয়ে। মহন্তই লগতে দলটোক সৰ্বস্তৰতে শক্তিশালী কৰাত মহিলা কৰ্মীসকলক অংশীদাৰ হ’বলৈ আহ্বান জনায়। মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাই সভাপতিত্ব কৰা সভাখনত তত্বাৱধায়ক তথা দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, প্ৰচাৰ সম্পাদক ড০ তপন দাস উপস্থিত থাকে।