গুৱাহাটী,১৯ ছেপ্টেম্বৰঃ অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত আজি প্ৰদেশ কংগ্ৰেছৰ সদ্যপদত্যাগী সাধাৰণ সম্পাদক কমৰুল ইছলাম চৌধুৰীসহ কংগ্ৰেছ, এ আই ইউ ডি এফকে ধৰি শতাধিক সদস্যই অসম গণ পৰিষদ দলত যোগদান কৰে। সভাপতি বৰাই এই যোগদানে দলক শক্তিশালী কৰাৰ লগতে যোগদানকাৰী সকলক দলৰ শৃংখলা ৰক্ষা কৰি জনসাধাৰণৰ কাষত থাকি অসম গণ পৰিষদক শক্তিশালী কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত দলৰ কাৰ্য্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্ত, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া আদি উপস্থিত থাকে।