ৰঙিয়া,২০ ছেপ্টেম্বৰঃ কৃষি ভূমিৰ সুৰক্ষা প্ৰদান, মাটিৰ পট্টা প্ৰদানৰ লগতে নিয়োগ কেলেংকাৰী আৰু বিদ্যুৎ মাছুল বৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত আজি ৰাইজৰ দলে ৰাজহ চক্ৰ বিষয়াৰ জৰীয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । দলটোৰ অৰ্ধশতাধিক কৰ্মকাৰ্তাই ৰঙিয়া হাইৱে চকৰ পৰা পদযাত্ৰা কৰি ৰাজহ চক্ৰ বিষয়াৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। পিচত কেইবাটাও দাবী সন্মিলিত এখন স্মাৰকপত্ৰ ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে । দলটোৱে বিশেষকৈ কৃষি ভূমিৰ সুৰক্ষা,মাটিৰ পট্টা প্ৰদান , নিয়োগ কেলেংকাৰী,বিদ্যুৎ মাছুল বৃদ্ধি আদিৰ ৰোধৰ দাবী স্মাৰক পত্ৰ খনত উল্লেখ কৰে । ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মনৰ নেতৃত্বত চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি নেতাগৰাকীয়ে জানিবলৈ দি চৰকাৰৰ বিৰুদ্ধে কেবাটাও গুৰুতৰ অভিযোগ উৎথাপন কৰি কয় যে ভুমি প্ৰদানৰ নামত চৰকাৰখনে খিলঞ্জীয়া লোক সকলক প্ৰৱঞ্চনা কৰিছে। আনহাতে স্মাৰ্ট মিটাৰৰ যোগেদি পৰিকল্পিত ভাবে ৰাইজৰ পৰা অতিৰিক্ত ভাবে ধন সংগ্ৰহ কৰা বুলিও অভিযোগ আনি শীঘ্ৰেই বৰ্দ্ধিত বিদ্যুৎ মাচুল ৰোধ কৰিবলৈ দাবী জনায়।
